নিশা আহাৰ খোৱাৰ পিছত কৰা এই ৪টা কামে কৰিব ওজন কম

26 DEC 2025

TV9 ASSAM

আজিৰ সময়ত ওজন বৃদ্ধি বহুলোকৰ বাবে চিন্তাৰ বিষয়। ওজন হ্ৰাস কৰিবলৈ সেয়ে জীমৰ পৰা আৰম্ভ কৰি নানা পন্থা হাতত লোৱা দেখা যায়।

ওজন

দৈনন্দিন জীৱনৰ কিছুমান সহজ অভ্যাসৰ দ্বাৰা ওজন হ্ৰাসৰ চেষ্টাত সফল হব পাৰি। নিশা খাদ্য খোৱাৰ পিছত কৰা কিছুমান কাম এইক্ষেত্ৰত যথেষ্ট সহায়ক।

অভ্যাস

নিশা আহাৰ খোৱাৰ পিছত খোজ কাঢ়িলে কেলৰি বাৰ্ণ হোৱাৰ লগতে বিপাকীয় ক্ৰিয়া উন্নত হয়। ইয়াৰ দ্বাৰা ওজন হ্ৰাসত সহায়ক হয়।

খোজ কাঢ়ক

নিশাৰ খাদ্য গ্ৰহণৰ পিছত গ্ৰীণ টি পান কৰিলে বিপাকীয় ক্ৰিয়া উন্নত হোৱাৰ লগতে হজম শক্তি উন্নত হয়। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণত থাকে।

গ্ৰীণ টি

ওজন হ্ৰাসৰ বাবে মানসিক চাপৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে কিছুসময় ধ্যান কৰা বা গভীৰ উশাহ-নিশাহ লোৱাৰ অভ্যাস গঢ়ি তোলক।

মানসিক চাপ নল’ব

টোপনিৰ অভাৱত দেহত হৰম’নৰ ভাৰসাম্যহীনতাই দেখা দিয়ে। ফলত ভোক বৃদ্ধি পায়, অধিক খাদ্য খোৱাৰ বাবে ওজন বৃদ্ধি পায়। সেয়ে নিশা পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন।

পৰ্যাপ্ত টোপনি

পঢ়িবলৈ ক্লিক কৰক 

হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী এইকেইবিধ খাদ্য