দেৱালীৰ পূৰ্বে ঘৰৰ পৰা আঁতৰ কৰক এই সামগ্ৰী!

9 OCT 2025

TV9 ASSAM

পোহৰৰ উৎসৱ দেৱালী। সমগ্ৰ দেশত বহু ধুম ধামেৰে দেৱালী পালন কৰা হয়। এই দিনটোত প্ৰায় সকলোৰে ঘৰত চাকি জ্বলাই ফটকা ফুটাই আনন্দ কৰে। হিন্দু ধৰ্মত দেৱালীৰ মহত্ব অধিক।

দেৱালী

এইবাৰ ২০ অক্টোবৰত দেৱালী পালন কৰা হ'ব। কাতি মাহৰ অমাৱশ্যা তিথিত দেৱালী পালন কৰা হয়। অসমত এই দেৱালী দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয়।

২০ অক্টোবৰ

দেৱালীৰ পূৰ্বে ঘৰ পৰিষ্কাৰ কৰাৰ লগতে সজাই পৰাই তোলা হয়। মান্যতা অনুসৰি দেৱালীৰ পূৰ্বে ঘৰৰ পৰা কিছুমান সামগ্ৰী আঁতৰাই পেলাব লাগে। অন্যথা ঘৰত মা লক্ষ্মীৰ আগমন নহয়।

মান্যতা

আপোনাৰ ঘৰতো ভঙা মূৰ্তি আছে নেকি ?যদি ঘৰৰ মন্দিৰত ভগৱানৰ ভঙা মূৰ্তি আছে তেন্তে এয়া বেয়া। এইবোৰ আঁতৰাই পেলাব পাৰে। ভঙা মূৰ্তিত পূজা কৰিলে ফল পোৱা নাযায়।

ভঙা মূৰ্তি

ঘৰত ভঙা আইনা থকা অত্যন্ত অশুভ। যদি আপোনাৰ ঘৰত ভঙা আইনা আছে তেন্তে দেৱালীৰ আগে আগে এইবোৰ পেলাই দিয়ক। অন্যথা মা লক্ষ্মীৰ আগমন নহয় বুলি কোৱা হয়।

আইনা

ঘৰত ফটা জোতা-চেণ্ডেল ৰখাটো দুৰ্ভাগ্যৰ কাৰণ হব পাৰে। গতিকে দেৱালীৰ পূৰ্বে এইবোৰ আঁতৰাই পেলাব পাৰে। ইয়াৰ কাৰণে মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে।

জোতা-চেণ্ডেল

ঘৰত পুৰনি বা ভাঙি যোৱা ঝাড়ু ৰখা অশুভ। গতিকে দেৱালীৰ পূৰ্বে ভঙা বা পুৰণি ঝাড়ু পেলাই দিব লাগে। ঘৰত নতুন ঝড়ু আনিব পাৰে। পুৰণি ঝাড়ই আৰ্থিক সমস্যা আনিব পাৰে।

ঝাড়ু

পঢ়িবলৈ ক্লিক কৰক 

হৃদযন্ত্ৰ সমস্যাৰ কাৰণ