দেৱালীৰ সময়ত ঘৰলৈ আনক এইসমূহ সামগ্ৰী...

8  OCT 2025

TV9 ASSAM

পোহৰৰ উৎসৱ দেৱালী। সমগ্ৰ দেশত বহু ধুম ধামেৰে দেৱালী পালন কৰা হয়। এই দিনটোত প্ৰায় সকলোৰে ঘৰত চাকি জ্বলাই ফটকা ফুটাই আনন্দ কৰে। হিন্দু ধৰ্মত দেৱালীৰ মহত্ব অধিক।

দেৱালী

এইবাৰ ২০ অক্টোবৰত দেৱালী পালন কৰা হ'ব। কাতি মাহৰ অমাৱশ্যা তিথিত দেৱালী পালন কৰা হয়। অসমত এই দেৱালী দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয়।

২০ অক্টোবৰ

দেৱালীৰ সময়ত কিছুমান বস্তু ক্ৰয় কৰা শুভ বুলি গণ্য কৰা হয়। কিছুমান বস্তু ঘৰলৈ আনিলে মা লক্ষ্মী সন্তুষ্ট হয় আৰু ব্যক্তিৰ ভাগ্য উদয় হয়। গতিকে আপুনিও ঘৰলৈ এই বিশেষ সামগ্ৰী আনিব পাৰে।

মান্যতা

দেৱালীৰ সময়ত ঝাড়ু ক্ৰয় কৰা অত্যন্ত শুভ বুলি কোৱা হয়। ধাৰ্মিক মান্যতা অনুসৰি ঝাড়ুৰ সম্পৰ্ক মা লক্ষ্মীৰ সৈতে আছে। দেৱালীৰ দিনা ঝাড়ু আনিলে ঘৰলৈ সুখ শান্তি আহে।

ঝাড়ু

দেৱালীৰ দিনা আপুনি ঘৰলৈ লক্ষ্মী আৰু গণেশৰ মূৰ্তি আনিব পাৰে।  মা লক্ষ্মী আৰু গণেশৰ মূৰ্তি আনিলে বিশেষ আশীৰ্বাদ পোৱা যায়। পাছত বিশেষ পূজা বা নিয়মৰ মাজেদি মূৰ্তি স্থাপন কৰিব পাৰে।

মূৰ্তি

দেৱালীৰ দিনা নাৰিকল ক্ৰয় কৰা অত্যন্তত শুভ বুলি কোৱা হয়। ইয়াৰ দ্বাৰা মানুহে আৰ্থিক সমস্যাৰ পৰা সকাহ লাভ কৰে। লগতে আৰ্থিক উন্নতি হয়  বুলিও কয়।

নাৰিকল

দেৱালীৰ দিনা সকলোৱে চাকি জ্বলায়। এই দিনটো চাকি ক্ৰয় কৰা অত্যন্ত শুভ বুলি কয়। এই দিনটোত চাকি জ্বলালে মা লক্ষ্মী সন্তুষ্ট হয় আৰু সকলোৰে মনৰ কামনা পূৰণ হয়।

চাকি

পঢ়িবলৈ ক্লিক কৰক 

ঘৰৰ পৰা আঁতৰ কৰক...