13 Nov 2025
TV9 ASSAM
বৰ্তমান দেশত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। যেতিয়া শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি হয় তেতিয়া ডায়েবেটিছ হয়। এই সময়চোৱাত শৰীৰে পৰ্যাপ্ত পৰিমাণে ইনচুলিন উৎপাদন নোৱাৰে বা ভালকৈ কাম নকৰে।
অৱশ্যে সঠিক খাদ্য, জীৱনশৈলীৰ দ্বাৰা এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে ডাঃ সুভাষ গিৰীয়ে। অৱশ্যে সমস্যা বেছি হ'লে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে।
প্ৰতিদিনে ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক। অন্তত ৩০ মিনিট সময় খোজ কাঢ়িব বা যোগাসন কৰিব। ই চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। ঘাঁহত খোজ কাঢ়িব পাৰিলে আৰু ভাল।
মেদবহুলতাই ডায়েবেটিছৰ আশংকা বৃদ্ধি কৰে। এনে ক্ষেত্ৰত ওজন নিয়ন্ত্ৰণ ৰখা অতি প্ৰয়োজন। প্ৰতিদিনে সুষম খাদ্য খাওক। ইয়াৰোপৰি শাৰীৰিক কাৰ্যকলাপ কৰা দৰকাৰ।
ডায়েবেটিছ হোৱা এটা কাৰণ হৈছে মানসিক চাপ। গতিকে মানসিক চাপ কম কৰক। ইয়াৰ বাবে মেডিটেশ্যন কৰিব পাৰে। মন ভালে ৰখাৰ বাবে নিজে ভালপোৱা কাম কৰক।
পৰ্যাপ্ত টোপনিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। প্ৰতিদিনে ৭-৮ ঘন্টা শুব লাগে। টোপনি সম্পূৰ্ণ নহ'লে হৰম'নৰ সমস্যা হয়। ইয়াৰোপৰি ব্লাড চুগাৰ মাত্ৰাত সমস্যা আনিব পাৰে।
ডায়েবেটিছ হ'লে মুখ শুকাই যোৱা, ছালত খজুৱতি, দৃষ্টশক্তিত সমস্যা, বাৰে বাৰে প্ৰস্ৰাৱ আহে। এনে লক্ষণ দেখা দিলে পৰীক্ষা কৰিব লাগে। লগতে অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন।
পঢ়িবলৈ ক্লিক কৰক