ডায়েবেটিছ কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব?

26  Dec 2025

TV9 ASSAM

আজিৰ সময়ত ডায়েবেটিছ এক ডাঙৰ সমস্যা। যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে বিভিন্নজনে এই ৰোগত আক্ৰান্ত হয়। এই ৰোগ এবাৰ হ'লে ঠিক নহয়, কিন্তু নিয়ন্ত্ৰণত ৰাখিব পাৰে।

ডায়েবেটিছ

শীতকালত ডায়েবেটিছৰ সমস্যা বেছি হোৱা দেখা যায়। কিন্তু কিছুমান বিশেষ দিশ লক্ষ্য ৰাখি চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে। এই সন্দৰ্ভত জনাইছে দিল্লীৰ জিটিবি হাস্পাতালৰ ডাঃ অজিত কুমাৰে।

উপায়

চিকিৎসকগৰাকীয়ে কয় যে, ডায়েবেটিছ ৰোগীয়ে সেউজীয়া শাক-পাচলি খাব লাগে। যেনে-মূলা, পালেং, ব্ৰকলি,মেথি আদি খাব লাগে। ইয়াৰোপৰি আমলখি, কমলা, আপেল, নাচপতি আদি খাব পাৰে।

শাক-পাচলি

দাইল, কণী, মাছ, চিকেন, পনীৰৰ দৰে প্ৰটিনযুক্ত খাদ্য ডায়েটত অন্তৰ্ভুক্ত কৰিব লাগে। শৰীৰে প্ৰটিন লাভ কৰাত গুৰুত্ব দিব লাগে।

প্ৰ'টিন

শীতকালত গ্ৰীণ টি, হাৰ্বল টি, হালধি-গাখীৰ আদি খাব লাগে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি শৰীৰ গৰম কৰাত সহায় কৰে। ইয়াৰোপৰি পৰ্যাপ্ত পৰিমাণে কুহুমীয়া পানী খাব লাগে।

গৰম, পুষ্টিকৰ

ডায়েবেটিছ ৰোগীয়ে ঘৰত প্ৰস্তুত কৰা সাধাৰণ খাদ্য খাব লাগে। বেছি তেলযুক্ত মচলাযুক্ত, বেছি মিঠা খাদ্য, নিমখীয়া খাদ্য আদি এৰাই চলিব লাগে।

ঘৰৰ খাদ্য

শাৰীৰিক কাৰ্যকলাপ অতি গুৰুত্বপূৰ্ণ। গতিকে প্ৰতিদিনে ব্যায়াম কৰা দৰকাৰ। ইয়াৰোপৰি ৩০-৪০ মিনিট খোজ কাঢ়িব পাৰে। ডায়েবেটিছ ৰোগীয়ে ডায়েট সলনি কৰিলে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।

ব্যায়াম

পঢ়িবলৈ ক্লিক কৰক

অমিতা কাৰ বাবে বেয়া