TV9 ASSAM
Pic credits: Getty Images
ভিটামিন ডিৰ অভাৱত হাড়ৰ বিষ হ’ব পাৰে। ভিটামিন ডিয়ে হাড় মজবুত কৰা আৰু তেজত কেলচিয়ামৰ মাত্ৰা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ভিটামিন ডিৰ অভাৱত পেশীৰ বিষ আৰু দুৰ্বলতা হ’ব পাৰে।
ভিটামিন ডিৰ অভাৱত স্থায়ী ভাগৰ আৰু ক্লান্তিৰ সৃষ্টি হ’ব পাৰে।
ভিটামিন ডিৰ অভাৱত চুলি সৰা আৰু চুলি দুৰ্বল হৈ পৰে। কম বয়সতে চুলিবোৰ দ্ৰুতগতিত সৰিবলৈ আৰম্ভ কৰে।
ভিটামিন ডিৰ অভাৱত মুড সলনি হোৱা আৰু অচেতন হোৱাৰ দৰে লক্ষণো দেখা দিব পাৰে। যাৰ কোনো কামতে আপুনি সুস্থিৰ হৈ থাকিব নোৱাৰে।
যদি আপুনি খাদ্যৰ পৰা পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি লাভ কৰিব নোৱাৰে তেন্তে ভিটামিন ডিৰ পৰিপূৰক গ্ৰহণ কৰিব পাৰে। চালমন (মাছ), টুনা (সামুদ্ৰিক মাছ), কাঠফুলা আদি খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন ডি পোৱা যায়।
ভিটামিন ডিৰ অভাৱ দূৰ কৰাৰ আন উপায় আছে। এই ক্ষেত্ৰত সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি লাভ কৰিব পাৰি।
চাবলৈ ক্লিক কৰক