এনে ঘৰুৱা উপায়েৰে দূৰ কৰিব পাৰিব কৃমিৰ সমস্যা

24 June 2025

TV9 ASSAM

শৰীৰত পৰজীৱী প্ৰৱেশ কৰি অন্ত্ৰত বৃদ্ধি হ’বলৈ আৰম্ভ কৰিলে পেটত কৃমিৰ সৃষ্টি হয়। এইবোৰ মূলতঃ দূষিত খাদ্য খোৱা, লেতেৰা পানী খোৱা বা অস্বাস্থ্যকৰ অভ্যাসৰ বাবেই হয়।

পেটৰ কৃমি

পেটৰ কৃমি প্ৰতিৰোধ কৰাটো গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত এই ঘৰুৱা উপায়সমূহ গ্ৰহণ কৰাটো লাভজনক। জানো আহক এই বিষয়ে।

ঘৰুৱা উপায়

বিশেষজ্ঞৰ মতে কেঁচা অমিতাত থকা পেপেইন এনজাইমে কৃমি নিধনত সহায় কৰে। ১ চামুচ অমিতাৰ ৰস আৰু ১ চামুচ মৌ মিহলাই প্ৰতিদিনে পুৱা খালী পেটত খাব লাগে।

কেঁচা অমিতা

নহৰু এক প্ৰাকৃতিক এন্টিপেৰাচাইট, যি পেটৰ কৃমি নিধনত সহায় কৰে। এনে অৱস্থাত পুৱা খালী পেটত ৩-৪ টা কেঁচা নহৰু চোবাই খাব লাগে বা গাখীৰত নহৰু উতলাই খাব লাগে।

নহৰু

নাৰিকলত পৰজীৱী প্ৰতিৰোধী গুণ আছে, যি পেটৰ কৃমি ধ্বংস কৰে। এনে পৰিস্থিতিত ৰাতিপুৱা খালী পেটত ১ চামুচ নাৰিকল গুড়ি খাব লাগে।

নাৰিকল

আজৱাইনে হজম শক্তিত সহায় কৰে আৰু পেটৰ কৃমি নাইকিয়া কৰে। পুৱা খালী পেটত সামান্য আজৱাইন গুড়ৰ সৈতে মিলাই খাব।

আজৱাইন

হালধিত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিপেৰাচিটিক গুণ আছে, যি পেটৰ কৃমি নিধনত সহায় কৰে। ১/২ চামুচ হালধি গৰম গাখীৰত মিহলাই নিশা শোৱাৰ পূৰ্বে খাওক।

হালধি

পঢ়িবলৈ ক্লিক কৰক 

জীৱনত সফল হ'বলৈ মানি চলক এনে নিয়ম