পুৱাৰ এনে অভ্যাসৰ দ্বাৰা নিজে মাতি আনে ডায়েবেটিছৰ বিপদ

20 Jan 2026

TV9 ASSAM

চিকিৎসকৰ মতে, আমাৰ পুৱাৰ কিছুমান সৰু সৰু অভ্যাসে দেহত চেনিৰ মাত্ৰা হঠাতে বৃদ্ধি কৰিব পাৰে।

ডায়েবেটিছ

পুৱা সাৰ পায়েই খালী পেটত মিঠা চাহ বা কফি খোৱা অভ্যাস পৰিত্যাগ কৰক; ই গ্লুক’জৰ মাত্ৰা হঠাতে বৃদ্ধি কৰে।

চাহ-কফি

প্ৰাতঃভ্ৰমণ বা কামৰ অজুহাতত ব্ৰেকফাষ্ট দেৰিকৈ খোৱা বা নোখোৱাকৈ থকাটো ইনচুলিন ভাৰসাম্যহীনতাৰ অন্যতম কাৰণ।

ব্ৰেকফাষ্টত বিলম্ব

ব্ৰেকফাষ্টত অধিক কাৰ্বহাইড্ৰেট বা প্ৰচেছড চেনিৰ পৰিৱৰ্তে অ’টছ, কণী, দাইল বা মগু দাইলৰ পৰাঠাক অগ্ৰাধিকাৰ দিয়ক।

সঠিক খাদ্য

পুৱা আৰম্ভণিতে চাহৰ পৰিৱৰ্তে এগিলাচ কুহুমীয়া পানী খাওক; ই শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।

পানী খাওক

দিনটোৰ আৰম্ভণিতে নূন্যতম ২০-৩০ মিনিট খোজ কঢ়া বা ব্যায়াম কৰিলে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।

শাৰীৰিক ব্যায়াম

চিকিৎসকৰ মতে, সঠিক সময়ত স্বাস্থ্যসন্মত আহাৰ আৰু অনুশাসনমূলক জীৱনশৈলীয়েই ডায়েবেটিছৰ পৰা হাত সৰাৰ উপায়।

বিশেষজ্ঞৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক 

জিভাৰ ৰঙে দিয়ে দেহত হোৱা সমস্যাৰ ইংগিত