January 21, 2026
TV9 ASSAM
বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে আজিৰ দিনত মানুহৰ মাজত উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে। প্ৰকাশিত প্ৰতিবেদন অনুসৰি,১০ জনৰ ভিতৰত ৪ জন এই সমস্যাৰ সন্মুখীন হয়।
আপোনাৰ যদি হঠাতে ৰক্তচাপ বৃদ্ধি হয়, তেন্তে কিছুমান লক্ষণ দেখা দিয়ে। এই লক্ষণবোৰ চিনাক্ত কৰি লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজন ।
স্বাভাৱিক ৰক্তচাপতকৈ যদি ইয়াৰ মাত্ৰা বৃদ্ধি পায়, তেন্তে ইয়াক উচ্চ ৰক্তচাপ বুলি গণ্য কৰা হয়। খাদ্যাভ্যাস আৰু শাৰীৰিক অৱস্থাই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে।
হঠাতে যদি ৰক্তচাপ বৃদ্ধি পায়, তেন্তে মূৰত গধুৰতা আৰু বিষ অনুভৱ কৰিব পাৰে। ইয়াৰ লগতে সৰু সৰু কথাত খং উঠিব পাৰে।
হঠাতে ৰক্তচাপ বৃদ্ধি পালে উশাহ লোৱাত সমস্যা সৃষ্টি হ'ব পাৰে । আপোনাৰ মনটো অস্থিৰ হৈ পৰিব পাৰে। খিংখিঙীয়া হ’ব পাৰে।
যেতিয়া এইধৰণৰ লক্ষণে দেখা দিয়ে তেতিয়া প্ৰথমে ৰক্তচাপ পৰীক্ষা কৰাব লাগে। যদি ৰক্তচাপ বৃদ্ধি পাইছে তেন্তে ইয়াৰ চিকিৎসা কৰাওক।
সাধাৰণতে মানসিক চাপ, কৰ্ম চাপ আৰু কলেষ্টেৰল বৃদ্ধিৰ বাবে ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰ লক্ষণবোৰ চিনাক্ত কৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব ।
পঢ়িবলৈ ক্লিক কৰক