কেতিয়াৰ পৰা আৰম্ভ হ'ব ব'লব'ম যাত্ৰা...

8 July 2025

TV9 ASSAM

হিন্দু পঞ্জিকা অনুসৰি, শাওণৰ আৰম্ভ ১১ জুলাই ২০২৫ ৰ পৰা হ'ব। এই দিনটো শুকুৰবাৰ। ধৰ্মীয় মান্যতা অনুসৰি, এই মাহটোত শিৱক পূজা কৰিলে ভাল ফল পোৱা যায়। এইমাহৰ সোমবাৰ কেইটা অতি বিশেষ। আনহাতে অসমীয়া কেলেণ্ডাৰ মতে, ১৮ জুলাইত পহিলা শাওণ।

শাওণ মাহ

শাওণ মাহৰ প্ৰথমটো সোমবাৰ হ'ব ১৪ জুলাই, ২০২৫। অৰ্থাৎ এই দিনটোৰ পৰা আৰম্ভ হ'ব ব'লব'ম যাত্ৰা। হিন্দু ধৰ্মত ব'লব'ম যাত্ৰাৰ বিশেষ মহত্ব আছে। আনহাতে অসমীয়া কেলেণ্ডাৰ অনুসৰি প্ৰথম সোমবাৰ ২১ জুলাই।

প্ৰথম সোমবাৰ

ব'লব'ম যাত্ৰাৰ সময়ত ভক্তসকলে কোনো পবিত্ৰ নদীৰ পৰা পানী আনি শিৱলিংগত অৰ্পন কৰে। এই যাত্ৰা অধিকাংশ লোকে খোজকাঢ়ি কৰে। শাওণৰ প্ৰতি সোমবাৰে ব'লব'ম যাত্ৰা কৰে।

ব'লব'ম

হিন্দু পঞ্জিকা মতে, শাওণৰ প্ৰথম সোমবাৰটোৰ ব্ৰহ্মমূহুৰ্ত পুৱা ৪.২৬ মিনিটৰ পৰা ৫.০৪ মিনিটলৈ। এই দিনটোত অভিজিত মূহুৰ্ত হব পুৱা ১১.৫৯ বজাৰ পৰা দুপৰীয়া ১২.৫৪ বজালৈ।

শুভ সময়

এই দিনটোত ৰাগু কালৰ সময় পুৱা ৭.১৫ বজাৰ পৰা ৮.৫৯ বজালৈ। এই সময়চোৱাত পূজা অৰ্চনা কৰাৰ পৰা বিৰত থাকিব লাগে। ৰাহুকালত শুভ কাৰ্য কৰিলে অমংগল হোৱাৰ সম্ভাৱনা থাকে।

ৰাহু কাল

শাওণৰ মাহৰ প্ৰতিটো দিনেই শুভ।  কিন্তু এইবাৰ শাওণত প্ৰীতি সংযোগ, আয়ুষ্মান সংযোগ, সুকৰ্মা সংযোগ, শিৱ যোগ, সৰ্বাৰ্থ সিদ্ধ সংযোগ আদি হ'বলৈ গৈ আছে।

পূজা

শিৱ ভক্তসকলৰ বাবে এই মাহটো অতি বিশেষ। ধৰ্মীয় মান্যতা অনুসৰি এই মাহটোৰ প্ৰতি সোমবাৰে ব্ৰত ৰাখি শিৱৰ পূজা কৰিলে মনৰ সকলো আশা পূৰণ হয়, ইয়াৰোপৰি আপুনি শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে।

বিশেষ

পঢ়িবলৈ ক্লিক কৰক 

শিৱৰ  প্ৰিয় ৰাশি