January 28, 2026
TV9 ASSAM
তেজৰ কৰ্কট ৰোগ অতি জটিল স্বাস্থ্যজনিত অৱস্থা। তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হ'লে কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণবোৰে দেখা দিলে সাৱধান হওক।
যদি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে , তেন্তে সকলো সময়তে ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰিব পাৰে। শৰীৰত ৰক্তকণিকা হ্ৰাস পোৱাৰ ফলত অক্সিজেনৰ যোগান কমি যায়। ফলত ভাগৰুৱা অনুভৱ হয়।
তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হ'লে সঘনাই জ্বৰ হ'ব পাৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে। ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।
নাকৰ পৰা সঘনাই তেজ ওলালে সাৱধান হওক। তেজৰ কৰ্কট ৰোগৰ ফলত প্লেটলেটৰ সংখ্যা কমি যায় আৰু কোনো কাৰণ নোহোৱাকৈ ৰক্তক্ষৰণ হয়।
দ্ৰুত ওজন হ্ৰাস পোৱাৰ লগতে ভোক কমি গ'লে সাৱধান হওক। তেজৰ কৰ্কট ৰোগৰ ফলত ভোক কমি যায় আৰু ওজন দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰে।
হাড় আৰু গাঁঠিৰ বিষ তেজৰ কৰ্কট ৰোগৰ লক্ষণ। ব্লাড কেন্সাৰে হাড়ৰ ভিতৰৰ মজ্জাত প্ৰভাৱ পেলায়, যাৰ ফলত গাঁঠি আৰু হাড়ৰ বিষ হ’ব পাৰে।
কৰ্কট ৰোগৰ এই লক্ষণবোৰে দেখা পালে অতি সোনকালে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক। লগতে কৰ্কট ৰোগৰ প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা কৰক।
পঢ়িবলৈ ক্লিক কৰক