পানী খাওঁতে এনে ভুল কৰিলেই হ’ব পাৰে ডাঙৰ সমস্যা

5 Sept 2025

TV9 ASSAM

আমি সততে শুনো, পানীয়েই প্ৰাণীৰ প্ৰাণ। দেহক ডিহাইড্ৰেচনৰ পৰা ৰক্ষা কৰিবলৈ দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।

পানী

কিন্তু পানী খোৱাৰ সময়ত কিছুমান নিয়ম মানি নচলিলে জীৱনত হ’ব পাৰে বহু সমস্যা। জানো আহক এই বিষয়ে।

সঠিক নিয়ম

এবাৰতে অধিক পৰিমাণে পানী পান কৰা উচিত নহয়। পৰাপক্ষত বটলৰ পৰা পানী খোৱাৰ পৰিৱৰ্তে গিলাচত পানী লৈ লাহে লাহে খোৱা ভাল।

বহু পানী

এজন ব্যক্তিয়ে প্ৰতিদিনে প্ৰায় ৩-৪ লিটাৰ পানী খাব লাগে। ইয়াতকৈ অধিক পানী খালে দেহত পানী জমা হয় আৰু বৃক্কত চাপ পৰে। ফলত বহু সমস্যাৰো সৃষ্টি হয়।

সঠিক পৰিমাণ

পানী কেতিয়াও থিয় হৈ খাব নালাগে। থিয় হৈ পানী খালে পাচনৰ সমস্যা হ’ব পাৰে। লগতে স্নায়ু, বৃক্ক আৰু হাওঁফাওঁতো বেয়া প্ৰভাৱ পৰিব পাৰে।

থিয় হৈ নাখাব

খাদ্য খাওঁতে পৰাপক্ষত পানী খাব নালাগে। ইয়াৰ ফলত হজম শক্তিৰ সমস্যা হ’ব পৰে। খাদ্য ভালদৰে হজম নহ’লে দেহে সম্পূৰ্ণ পুষ্টি লাভ নকৰে।

খাদ্যৰ লগত পানী

পঢ়িবলৈ ক্লিক কৰক 

বিশেষজ্ঞৰ পৰা জানক দৈনিক ঘিউ খোৱাৰ প্ৰভাৱ