8 July 2025
TV9 ASSAM
Photos Credit: Getty Images
গ্ৰীষ্মকালত সুস্বাস্থ্যৰ বাবে ৰাতিপুৱা খোৱাৰ ওপৰত সদায় গুৰুত্ব দিব লাগে। বিশেষকৈ খালী পেটত কিছুমান বস্তু একেবাৰে খাব নালাগে।
ৰাতিপুৱা সময়ত কি খায় সেইটোৱেই নিৰ্ণয় কৰে হজম শক্তি, বিপাকীয় ক্ৰিয়া, ছাল, মানসিক স্বাস্থ্য কেনেকুৱা হ’ব।
আয়ুৰ্বেদ আৰু পুষ্টি দুয়োটাই এই কথাত গুৰুত্ব আৰোপ কৰে যে, ৰাতিপুৱাৰ প্ৰথম আহাৰ লঘু, পুষ্টিকৰ হ’ব লাগে আৰু শৰীৰক কাৰ্যক্ষম কৰিব পৰা হ’ব লাগে।
জানক ৰাতিপুৱাৰ খালী পেটত কোনবোৰ বস্তু একেবাৰে খোৱা উচিত নহয়। কি কি খাদ্য পৰিহাৰ কৰা উচিত?
খালী পেটত চাহ খালে এচিডিটি আৰু গেছৰ সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও ই ভোক কম কৰি পাচনতন্ত্ৰত প্ৰভাৱ পেলায়।
ফ্ৰীজৰ পানী বা ঠাণ্ডা খাব নালাগে। ৰাতিপুৱা সোনকালে ঠাণ্ডা বস্তু খালে হজম শক্তি লেহেমীয়া হয় আৰু শৰীৰৰ প্ৰাকৃতিক তাপত প্ৰভাৱ পৰে।
অতি গধুৰ বা ভজা খাদ্য খোৱা খাব নালাগে। খালী পেটত গধুৰ খাদ্য খোৱাৰ ফলত পাচনতন্ত্ৰৰ ওপৰত চাপ পৰে আৰু ভাগৰুৱা অনুভৱ হয়।
পঢ়িবলৈ ক্লিক কৰক