ভাৰতীয় দলৰ পৰা বাহিৰত থাকিব এছিয়া কাপ জয়ী ১১ খেলুৱৈ!

30 Sep 2025

TV9 ASSAM

যোৱা ২৮ ছেপ্টেম্বৰত অন্ত পৰে এছিয়া কাপ ২০২৫। ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ভাৰতীয় দলে নৱমবাৰৰ বাবে জয় কৰে এছিয়া কাপ।

এছিয়া কাপ

সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলৰ প্ৰতিজন খেলুৱৈয়ে প্ৰতিযোগিতাত অনবদ্য প্ৰদৰ্শন দাঙি ধৰে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হৈছিল অভিষেক শৰ্মা।

প্ৰদৰ্শন

এছিয়া কাপ জয় কৰিলেও পিছে এই দলটোৰ ১১ জন খেলুৱৈ ভাৰতৰ আগন্তুক শৃংখলাত দলৰ অংশ নহ’ব। উক্ত দলটোত থাকিব এছিয়া কাপ দলৰ মাত্ৰ ৪ সদস্য।

আগন্তুক শৃংখলা

ভাৰতে এতিয়া ২ অক্টোবৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ঘৰৰ মাটিত টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’ব। এই দলটোৰ নেতৃত্বত থাকিব শুভমন গিল।

ৱেষ্ট ইণ্ডিজ শৃংখলা

দলটোত গিলৰ লগতে এছিয়া কাপত খেলা আন তিনি খেলুৱৈ ক্ৰমে অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ আৰু কুলদীপ যাদৱহে থাকিব।

কোন থাকিব

আনহাতে টেষ্ট দলত নাথাকিব সূৰ্য, অভিষেক, তিলক, পাণ্ডিয়া, ডুবে, সঞ্জু, হৰ্ষিত, ৰিংকু, অৰ্শদীপ, বৰুণ আৰু জিতেশ। অৰ্থাৎ টেষ্ট দল হ’ব এছিয়া কাপ দলৰ সম্পূৰ্ণ বিপৰীত।

নাথাকে এইসকল

ঘোষিত টেষ্ট দলত আছে গিল, জয়ছোৱাল, ৰাহুল, সুদৰ্শন, পাড়িক্কাল, জুৰেল, জাদেজা, সুন্দৰ, বুমৰাহ, অক্ষৰ, নীতিশ, এন জগদীছন, চিৰাজ, প্ৰসিধ কৃষ্ণ, কুলদীপ যাদৱ।

টেষ্ট দল

পঢ়িবলৈ ক্লিক কৰক 

এনে সমস্যাত অধিক আদা খালে হয় বিপদ!