অকালতে বৃদ্ধ দেখাৰ ৫টা অভ্যাস!

28Jan 2026

TV9 ASSAM

প্ৰায় সকলো মানুহে ছালৰ যত্ন ল'বৰ বাবে বিভিন্ন প্ৰডাক্ট ব্যৱহাৰ কৰে। সকলোৱে বিচাৰে সুন্দৰ আৰু ধুনীয়া ছাল। কিন্তু তাৰ পাছতো ছালৰ সমস্যা হয়।

ছাল

কিছুমান মানুহৰ এনে অভ্যাস আছে যাৰ প্ৰভাৱ ছালত পৰে। ইয়াৰ ফলত মানুহক অকালতে বৃদ্ধ লাগে। এই অভ্যাস ত্যাগ কৰিব লাগে।

অভ্যাস

বহু মানুহে পুৱা খাদ্য নাখায়। ই শৰীৰত ষ্ট্ৰেছ হৰম'ন বৃদ্ধি কৰে আৰু শক্তি কমে। দীৰ্ঘদিন ধৰি পুৱাৰ আহাৰ নাখালে ছালৰ লগত জড়িত সমস্যাও হ'ব পাৰে। ছাল অকালতে বয়সীয়াল যেন লাগে।

পুৱাৰ খাদ্য 

কিছুমানে পুৱা উঠিয়ে ফোনত বাতৰি, ভিডিঅ' আদি চায়। ই বেয়া অভ্যাস। ই আপোনাৰ মগজুত চাপ প্ৰদান কৰে আৰু মুড নষ্ট কৰে। ইয়াৰ ফলত ছালত প্ৰভাৱ পৰে।

ফোন

কিছুমান মানুহে পুৱা উঠিয়ে চাহ-কফি খায়। ই বেয়া অভ্যাস। পুৱা উঠি পানী খাব লাগে। চাহ, কফি খালে শৰীৰ আৰু ছালৰ ক্ষতি হয়।

চাহ

পুৱা ব্যায়াম কৰিলে তেজ চলাচল ভাল হয় আৰু মুড ভালে থাকে। সূৰ্যৰ পোহৰো লব লাগে। এনে নকৰিলে ইয়াৰ প্ৰভাৱ শৰীৰ আৰু ছালতো পৰা দেখা যায়।

ব্যায়াম 

পুৱা খৰখেদা কৰিলে ষ্ট্ৰেছ হৰম'ন বৃদ্ধি পায়। ই শৰীৰ আৰু মগজুৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। গতিকে পুৱা লাহে লাহে কাম কৰিব লাগে।

খৰখেদা

পঢ়িবলৈ ক্লিক কৰক 

কি খাদ্য গৰম কৰি খাব নালাগে?