TV9 ASSAM
হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত দেওবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপ জয় কৰি ইতিহাসৰ সৃষ্টি কৰে।
নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি খিতাপ জয় কৰে।
ইয়াৰ লগে লগে কপিল দেৱ আৰু এম এছ ধোনীৰ পিছত এদিনীয়া বিশ্বকাপ জয় কৰা তৃতীয়গৰাকী ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয় হৰমনপ্ৰীত কৌৰ।
বিশ্বকাপ জয় কৰাৰ পাছত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে হাতত বিশ্বকাপ ট্ৰফী লৈ বিশেষ ফটোশ্বুটৰ বাবে পোজ দিয়ে, এই ফটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে।
মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াত হৰমনৰ এই ফটোশ্বুটে অনুৰাগীৰ মনত ২০১১ চনত বিশ্বকাপ জয় কৰাৰ পিছত একেস্থানতে ধোনীয়ে কৰা ফটোশ্বুটৰ স্মৃতি সজীৱ কৰি তোলে।
ICC-এ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত হৰমনপ্ৰীত কৌৰৰ এনে ফটো শ্বেয়াৰ কৰে। লগতে ধোনীৰ ফটোশ্বুটৰ ক্ষণো সুঁৱৰে ICC-এ।
পঢ়িবলৈ ক্লিক কৰক
যুৱৰাজতকৈও আগবাঢ়িল শ্ৰেষ্ঠ খেলুৱৈ দীপ্তি