TV9 ASSAM
গুজৰাটৰ আহমেদাবাদত বৃহস্পতিবাৰে সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত পতিত হয়। বিমানখনত আছিল মুঠ ২৪২ জন লোক।
এই দুৰ্ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছে। ইফালে বলীউডৰ অভিনেতা ছলমান খানে ঘটনাৰ পিছতে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰে।
বৃহস্পতিবাৰে ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ নামৰ এক ইভেণ্টত অংশগ্ৰহণ কৰিবলৈ ওলাইছিল ছলমানে। কিন্তু বিমান দুৰ্ঘটনাৰ পিছত তেওঁ নিজৰ ইভেণ্ট বাতিল কৰে।
এই অনুষ্ঠানটো মুম্বাইত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও বিমান দুৰ্ঘটনাৰ পিছত বাতিল কৰাৰ সিদ্ধান্ত লয়। অনুষ্ঠানটোৰ ব্ৰেণ্ড এম্বেচাডৰ আছিল ছলমান খান।
দুৰ্ঘটনাগ্ৰস্ত বিমানখনত যাত্ৰী-ক্ৰু সদস্যসহ মুঠ ২৪২ জন লোক আছিল। উৰণৰ ঠিক পিছতে দুৰ্ঘটনাত পতিত হৈ বিমানখন মেঘনানী নগৰৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলত বাগৰি পৰে।
ভাৰতীয়ৰ লগতে পৰ্তুগাল, ব্ৰিটেইন আৰু কানাডাৰ নাগৰিকো বিমানখনৰ যাত্ৰীৰ আসনত আছিল। এইপৰ্যন্ত বিমানত থকা কেৱল মাত্ৰ এজন জীৱিত লোকৰ সন্ধান ওলাইছে।
পঢ়িবলৈ ক্লিক কৰক
বিমান দুৰ্ঘটনাত শোকাহত ভাৰতীয় ক্ৰিকেট