আজি পোৱা যাব ৰোহিত-কোহলীৰ ভৱিষ্যতৰ বাৰ্তা

04 Oct 2025

TV9 ASSAM

বিগত ডেৰ দশকতকৈ অধিক সময় ভাৰতীয় ক্ৰিকেটৰ দুই প্ৰধান তাৰকাত পৰণত হৈছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মা।

‘ৰোকো’ যুটি

অৱশ্যে বয়সৰ লগে লগে দুয়োৰে কেৰিয়াৰো অন্ত পৰাৰ দিশে। দুয়ো ইতিমধ্যে টেষ্ট আৰু টি-২০ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

অৱসৰ

দুয়োকে এতিয়া কেৱল এদিনীয়া ফৰ্মেটতহে দেখা পোৱা যায়। কিন্তু এই ফৰ্মেটৰ পৰাও তেওঁলোকৰ অৱসৰক লৈ যথেষ্ট চৰ্চা পৰিলক্ষিত হৈছে।

এদিনীয়া

চেম্পিয়নছ ট্ৰফীৰ পিছৰে পৰা যোৱা প্ৰায় ৭ মাহ ভাৰতীয় দলৰ পৰা আঁতৰি থকা কোহলী আৰু ৰোহিতে এতিয়া প্ৰত্যাৱৰ্তন ঘটাব বুলি আশা কৰা হৈছে।

প্ৰত্যাৱৰ্তনৰ আশা

আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে আজি ভাৰতীয় দল ঘোষণা কৰা হ’ব। দলত ৰোহিত-কোহলীক স্থান দিয়া হ’ব বুলি সকলোৱে আশা কৰিছে।

দল ঘোষণা

এই শৃংখলা দুয়োৰে অন্তিম শৃংখলা হ’ব পাৰে বুলি চৰ্চা চলা দেখা গৈছিল। এতিয়া আজি ঘোষণা কৰিব লগা দলত তেওঁলোকে স্থান পায়নে সেয়া চাবলগা হ’ব।

চৰ্চা

ৰোহিত এতিয়াও এদিনীয়া দলৰ অধিনায়ক যদিও এই শৃংখলাত ভাৰতীয় দলে নতুন অধিনায়ক লাভ কৰাৰ সম্ভাৱনাও দেখা গৈছে।

অধিনায়ক

এইক্ষেত্ৰত বৰ্তমানৰ টেষ্ট অধিনায়ক তথা টি-২০ৰ সহঃঅধিনায়ক শুভমন গিলৰ লগতে শ্ৰেয়স আয়াৰৰ নামো চৰ্চাত আছে।

চৰ্চাত কোন

পঢ়িবলৈ ক্লিক কৰক 

৩২২১ দিনৰ পিছত শতক অৰ্জন ৰাহুলৰ!