ফেটি লিভাৰ হ্ৰাস কৰাত সহায়ক ৬বিধ শক্তিশালী ছুপাৰফুড

1 DEC 2025

TV9 ASSAM

ফেটি লিভাৰৰ সময়মতে চিকিৎসা নকৰিলে ইয়াৰ ফলত লিভাৰ বিকল পৰ্যন্ত হ’ব পাৰে। চিকিৎসাৰ সমান্তৰালকৈ ফেটি লিভাৰৰ ক্ষেত্ৰত কিছুমান খাদ্যও সহায়ক।

ফেটি লিভাৰ

নহৰুত থকা এলিচিনে লিভাৰৰ চৰ্বি হ্ৰাসত সহায় কৰে আৰু বিপাকীয় ক্ৰিয়া উলগতে কৰে। লগতে ই কলেষ্টেৰল-তেজৰ চেনিৰ মাত্ৰা কমায়, ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে।

নহৰু

ভিন্ন প্ৰকাৰৰ বাদামত প্ৰচুৰ পৰিমাণে স্বাস্থ্যকৰ চৰ্বি আৰু ফাইবাৰ থাকে। বিশেষকৈ monounsaturated চৰ্বিয়ে লিপিড প্ৰফাইল উন্নত কৰাত সহায় কৰে, কলেষ্টেৰল-ফেটি লিভাৰ হ্ৰাস কৰে।

বাদাম-বীজ

অলিভ অইলত monounsaturated ফেটি এচিড থাকে, ই অক্সিডেটিভ ষ্ট্ৰেছ হ্ৰাস কৰাত সহায় কৰে, আৰু ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে, যি ফেটি লিভাৰ হ্ৰাসত সহায় কৰে।

অলিভ অইল

কমলা, নেমুৰ দৰে ছাইট্ৰাছ ফলত প্ৰচুৰ পৰিমাণে থকা এণ্টিঅক্সিডেণ্টে অক্সিডেটিভ চাপ হ্ৰাস আৰু শৰীৰক বিষমুক্ত কৰাত সহায় কৰে, এইদৰে ফেটি লিভাৰৰ সম্ভাৱনা হ্ৰাস পায়।

ছাইট্ৰাছ ফল

জামুত থকা এণ্টিঅক্সিডেণ্টে লিভাৰৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে আৰু ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে, এইদৰে ফেটি লিভাৰৰ হ্ৰাস কৰাত সহায় কৰে।

জামু

বীটত বিটেইন নামৰ এমিনো এচিড থাকে, যি লিভাৰত চৰ্বিৰ বিভাজনত সহায় কৰি লিভাৰ কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এইদৰে ফেটি লিভাৰ হ্ৰাস কৰাত সহায় কৰে।

বীট

পঢ়িবলৈ ক্লিক কৰক 

শীতকালত এইদৰে যত্ন লওক হৃদযন্ত্ৰৰ স্বাস্থ্যৰ