TV9 ASSAM
বৃক্কই শৰীৰৰ বিষাক্ত পদাৰ্শ আঁতৰাই পোলোৱাৰ কাম কৰে। যাৰ ফলত তেজত পানী, নিমখ আৰু খনিজ পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰে। ফলত ৰক্তাচাপ নিয়ন্ত্ৰণত থাকে আৰু তেজ পৰিষ্কাৰ হৈ থাকে।
দৈনন্দিন জীৱনৰ কিছুমান অভ্যাসে আপোনাৰ বৃক্কৰ ক্ষতি কৰে। যিবোৰ অভ্যাসৰ ওপৰত আপুনি গুৰুত্ব নিদিয়ে। এই অভ্যাসবোৰ আজিয়ে ত্যাগ কৰক।
নিমখ সীমিত পৰিমাণে সেৱন কৰক। অতিৰিক্ত নিমখে আপোনাৰ বৃক্কৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত আন বহুতো স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে।
বৃক্ক পৰিষ্কাৰ কৰিবলৈ সঠিক পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়। পানীৰ অভাৱে বৃক্কৰ ওপৰত চাপ বৃদ্ধি কৰে।
যদি যিকোনো বিষৰ পৰা উপশম পাবলৈ অত্যধিক ঔষধ সেৱন কৰে, তেন্তে আজিয়ে পৰিহাৰ কৰক। ই আপোনাৰ বৃক্কৰ ক্ষতি কৰিব পাৰে।
ধূমপান বা মদ্যপান আপোনাৰ বৃক্কৰ বাবে ক্ষতিকাৰক হোৱাৰ লগতে ই সমগ্ৰ শৰীৰত বেয়া প্ৰভাৱ পেলায়।
যদি আপুনি কামৰ কাৰণে ঘণ্টাৰ পাছত ঘণ্টা বহি থাকে আৰু কেতিয়াবা ইয়াৰ বাবে প্ৰস্ৰাৱ বন্ধ কৰি ৰাখে, তেন্তে আপোনাৰ এই অভ্যাসে বৃক্কৰ ক্ষতি কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক