শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
আই পি এল

আই পি এল

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ হৈছে বি চি চি আইৰ উদ্যোগত ভাৰতত অনুষ্ঠিত এখন পেছাদাৰী টি-২০ ক্ৰিকেট লীগ। ২০০৭ চনত আৰম্ভ হোৱা এই লীগখনত দহটা ৰাজ্যিক আৰু চহৰভিত্তিক ফ্ৰেঞ্চাইজি দল থাকে। মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত অনুষ্ঠিত হয় বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় আৰু ধনী ক্ৰিকেট লীগ আই পি এল। আই চি চি ফিউচাৰ ট্যুৰছ প্ৰগ্ৰেমত ইয়াৰ বিশেষ উইণ্ডো আছে, যাৰ ফলত আই পি এলৰ ছিজনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা কমকৈ হয় । ইয়াৰ উপৰিও ভাৰতৰ ভিতৰতে সৰ্বাধিক উপবোগ কৰা ক্ৰীড়া অনুষ্ঠান আই পি এল ।

Read More

পঞ্জাৱ-মুম্বাইৰ কোৱালিফায়াৰ মেচত বতৰৰ বিঘিনিঃ মেচ বাতিল হ’লে কোনে খেলিব ফাইনেল?

বৰষুণৰ ফলত এই দ্বিতীয় কোৱালিফায়াৰ মেচখন আৰম্ভ কৰাত বিলম্ব ঘটিছে। প্ৰবল বৰষুণৰ বাবে সম্পূৰ্ণ খেলপথাৰ ঢাকি দিয়া হৈছে। এনে অৱস্থাত এক ৰোমাঞ্চকৰ মেচৰ আশাত বাট চাই থকা অনুৰাগীৰ মনত আশা ভংগ হোৱাৰ শংকা সৃষ্টি হোৱাৰ লগতে আন এক প্ৰশ্নও উত্থাপিত হৈছে। যদি আজি বৰষুণৰ বাবে মেচ বাতিল হয় কোনে খেলিব ফাইনেল!

PBKS vs MI Live Score, IPL 2025: অধিনায়ক পাণ্ডিয়াই দলক দিলে সাফল্যঃ ইংলিছে ল’লে পেভিলিয়নৰ পথ

Punjab Kings vs Mumbai Indians Live Score in Assamese: আজি আই পি এল ২০২৫ৰ দ্বিতীয়খন কোৱালিফায়াৰ। এই দ্বিতীয়খন কোৱালিফায়াৰ মেচত আজি মুখামুখি হ’ব পঞ্জাৱ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। আহমেদামাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় কোৱালিফায়াৰত জয়ী হোৱা দলটোৱে অহা ৩ জুনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিপক্ষে ফাইনেলত অৱতীৰ্ণ হ’ব।

একেখন মেচতে দুটাকৈ অভিলেখ ৰোহিত শৰ্মাৰ, ৩০০ ছিক্সাৰ আৰু ৭০০০ ৰান সম্পূৰ্ণ আই পি এলত

আই পি এলৰ ইতিহাসত ৭ হাজাৰ ৰানৰ মাইলৰ খুঁটি অতিক্ৰম কৰা দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা । তেওঁৰ আগত আছে বিৰাট কোহলি । তাৰোপৰি ৰোহিত শৰ্মা হৈছে বিশ্বৰ দ্বিতীয় আৰু প্ৰথমজন ভাৰতীয় বেটছমেন, যিয়ে ৩০০ ছিক্সাৰ কোবাইছে আইপিএলত ।

গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰা দিল্লীত কংগ্ৰেছৰ বৈঠকলৈ, পলকতে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ

আজিৰ দিনটোৰ ৯ টা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছোঁ আপোনালোকলৈ । মাত্ৰ ৯ টা পইন্টৰ দ্বাৰা জানি লওক দিনটোৰ মুখ্য খবৰকেইটা ।

GT vs MI Live Score, IPL 2025: অভিযান সামৰণি পৰিল গুজৰাটৰঃ অলৰাউণ্ড প্ৰদৰ্শনেৰে দ্বিতীয় কোৱালিফায়াৰত প্ৰৱেশ মুম্বাইৰ

Gujarat Titans vs Mumbai Indians Live Score in Assamese: আই পি এল ২০২৫ত অভিযান সামৰণি পৰিল গুজৰাট টাইটানছৰ। মুম্বাই ইণ্ডিয়ানছে শুভমন গিল নেতৃত্বাধীন গুজৰাটক ২০ ৰানত পৰাস্ত কৰি দ্বিতীয় কোৱালিফায়াৰত প্ৰৱেশ কৰিছে।

আজি এলিমিনেটৰ মেচত মুম্বাই-গুজৰাটঃ বৰষুণে বাধা দিলে কি হ’ব ফলাফল, কাৰ হ’ব ভাগ্যোদয়!

আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ এলিমিনেটৰ মেচ। এই মৰণপণ যুঁজত প্ৰতিদ্বন্দিতা আগবঢ়াব গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছে। পঞ্জাৱৰ মুলানপুৰত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত যিকোনো মূল্যৰ বিনিময়ত দুয়োটা দলৰ বাবে জয় অনিবাৰ্য। কাৰণ আজিৰ মেচত পৰাস্ত হোৱা মানেই প্ৰতিযোগিতাত অভিযানৰ অন্ত পৰা।

‘ই চালা কাপ নামডে’ বাস্তৱ হ’বলৈ আৰু মাত্ৰ এখোঁজঃ ফাইনেলত প্ৰৱেশৰ পথত এই অভিলেখ ৰচিলে আৰচিবিয়ে

আজি পঞ্জাৱ কিংছৰ বিপক্ষে আই পি এল ২০২৫ৰ প্ৰথম কোৱালিফায়াৰত বৃহৎ বিজয় সাব্যস্ত কৰি আৰচিবিয়ে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ ইতিহাসত এইদৰে চতুৰ্থ বাৰৰ ফাইনেলত উপনীত হৈছে আৰচিবি। ফাইনেলত প্ৰৱেশ কৰাৰ লগতে আৰচিবিয়ে এক অনন্য অভিলেখো ৰচনা কৰে। কি এই অভিলেখ চাওক।

PBKS vs RCB Live Score, IPL 2025: ঘৰৰ মাটিত বিধ্বস্ত পঞ্জাৱঃ বৃহৎ জয়েৰে চতুৰ্থবাৰৰ বাবে ফাইনেলত আৰচিবি

Punjab Kings vs Royal Challengers Bengaluru Live Score in Assamese: দুৰন্ত প্ৰদৰ্শনেৰে আই পি এল ২০২৫ৰ ফাইনেলত উপনীত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। সম্পূৰ্ণ একপক্ষীয় মেচত আজি আৰচিবিয়ে পঞ্জাৱক ৮ উইকেটত সহজে পৰাস্ত কৰে। আনহাতে আজি পৰাস্ত হোৱাৰ পিছত এতিয়া দ্বিতীয় কোৱালিফায়াৰৰ ৰূপত আন এক সুযোগ লাভ কৰিব পঞ্জাৱ কিংছে।

IPL 2025: ১৮ বছৰীয়া আই পি এলৰ পাঁচগৰাকী শীৰ্ষ সফল অধিনায়ক কোন?

IPL 2025: আই পি এলত আটাইতকৈ বেছি আলোচনা হয়, কোন দল সকলোতকৈ সফল বা সেই সাফল্যৰ নেপথ্যত কোন তাক লৈ । কোন অধিনায়কৰ দখলত কিমান ট্ৰফী বা কোনে বেছি মেচ জিকিছে এইবোৰ লৈ গৰম আলোচনা হয় । আজি পাতো আহক আই পি এল জয়ৰ নেপথ্যত থকা অধিনায়কৰ বিষয়ে । চাও আহকচোন কোন কোন আছে তালিকাত-

RCB হ’ব IPL 2025ৰ চেম্পিয়ন! এক আচৰিত সংযোগে দিছে এই ইংগিত, পৰিসংখ্যাই কৈছে…

আই পি এলৰ বিগত ১৭টা ছিজনৰ ভিতৰত ৭ বাৰ প্লে অফলৈ যোগ্যতা অৰ্জন কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে। একে সময়তে এই দলটোৱে ৩ বাৰ ফাইনেল খেলিছে। কিন্তু কেতিয়াও আই পি এল ট্ৰফীৰ অধিকাৰী হ'ব পৰা নাই দলটো। অৱশ্যে এইবাৰ তেওঁলোকৰ বাবে চেম্পিয়ন হোৱাৰ সোণালী সুযোগ।

GT নে MI…এলিমিনেটৰ মেচ বাতিল হ’লে কোনটো দল IPLৰ পৰা বাহিৰ হ’ব? নিয়ম জানক

গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ দলৰ মাজত  আই পি এল ২০২৫ৰ এলিমিনেটৰ মেচ মুলনপুৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । যদি বৰষুণৰ বাবে বা আন কোনো কাৰণত এই মেচ বাতিল কৰা হয়, তেন্তে এটা দল খেল নেখেলাকৈয়ে টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’ব।

আই পি এলৰ প্লে’ অফত নাথাকে ৭ গৰাকী বিদেশী খেলুৱৈ

প্ৰতিটো দলেই অৱশ্যে প্লে'অফৰ বাবে দলত সাল-সলনি কৰিছে । কিন্তু দীৰ্ঘদিন দলৰ সৈতে থাকি ধাৰাবাহিক প্ৰদৰ্শন কৰা খেলুৱৈৰ স্থান আনক দিয়াতো খুবেই কঠিন কাম । এই চাৰিটা দলৰ বাবে যেন পৰৱৰ্তী যুঁজ আৰু অধিক কঠিন হ'ব ।

কি ভুল ঋষভ পন্টৰ? ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা, জানক…

বৰ্তমান চলি আছে আই পি এল ২০২৫। এই ছিজনত এইবাৰ ডাঙৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্টে।

স্পষ্ট হ’ল প্লে’ অফৰ সম্পূৰ্ণ দৃশ্যঃ কোনে কেতিয়া আৰু কাৰ বিপক্ষে খেলিব প্লে’ অফৰ মেচ, চাওক সম্পূৰ্ণ সমীকৰণ

লক্ষ্ণৌৰ বিপক্ষে আৰচিবিৰ জয়ৰ লগে লগে নিশ্চিত হৈ পৰে আই পি এল ২০২৫ৰ প্লে’ অফ পৰ্যায়ৰ সম্পূৰ্ণ দৃশ্য। প্ৰতিযোগিতা লাহে লাহে আগবঢ়াৰ সমান্তৰালকৈ প্লে’ অফক লৈও অনুৰাগীৰ মাজত জল্পনা-কল্পনা আৰম্ভ হৈছিল। কোনকেইটা দলে প্লে’ অফত স্থান নিশ্চিত কৰিব, সেই লৈ চলিছিল ব্যাপক চৰ্চা। অৱশেষত এই সকলো চৰ্চাৰ ওৰ পৰিছে আৰু প্লে’ অফৰ সমীকৰণো স্পষ্ট হৈ পৰিছে।

IPLৰ সামৰণি অনুষ্ঠানকলৈ বিশেষ পৰিকল্পনা BCCI ৰ, ঘোষণা কৰিলে সচিব দেৱজিৎ শইকীয়াই

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে জানিবলৈ দিয়া অনুসৰি, আইপিএলৰ সামৰণি অনুষ্ঠান শেহতীয়াকৈ অপাৰেচন সেন্দূৰৰ সময়ত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় সেনাৰ প্ৰতি উৎসৰ্গা কৰা হ’ব। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে।