ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল ফিলিপাইনছ! ছুনামিৰ সতৰ্কবাণী জাৰি…

ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় ফিলিপাইনছ। ইয়াৰ পাছতে এতিয়া ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বিগত সময়চোৱাত দেশখনত কেইবাটাও ভূমিকম্প হোৱা দেখা গৈছে।

ভয়ংকৰ ভূমিকম্পই জোকাৰি গল ফিলিপাইনছ! ছুনামিৰ সতৰ্কবাণী জাৰি...

ভূমিকম্প

Updated On: 

10 Oct 2025 | 10:00 AM

ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় ফিলিপাইনছ। ২৪ ঘন্টাৰ ভিতৰত ৭.৪ প্ৰাৱল্যৰ ভূমিকম্পই দেশখনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰ (৯ অক্টোবৰ) উত্তৰ ফিলিপাইনছত ৪.৮ প্ৰাৱল্যৰ ভূমিকম্প হোৱাৰ খবৰ পোৱা গৈছিল। যোৱা সপ্তাহত দেশখনত ভূমিকম্পৰ ফলত ৬৯ জন লোকে মৃত্যুক সাৱতি লৈছিল। এনে পৰিস্থিতি আজি পুনৰ দেশখনত ভূমিকম্প হয়। ইয়াৰ পাছতে এতিয়া জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কবাণী।

জানিব পৰা মতে, শুকুৰবাৰে মিন্দানাও অঞ্চলত প্ৰবল ভূমিকম্পৰ জোকৰণি অনুভূত হয়। এই ক্ষেত্ৰত প্ৰশাসনে জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

ফিলিপাইনছত ভূমিকম্প

বিগত কিছু সময়ৰ পৰা ফিলিপাইনছত সঘনাই ভূমিকম্প হোৱা দেখা গৈছে।  য’ত বহু লোকে প্ৰাণ হেৰুৱাইছে। ইউৰোপীয়-ভূ মধ্যসাগৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ (ই এম এছ চি)ৰ তথ্য অনুসৰি শেহতীয়া ভূমিকম্পৰ গভীৰতা আছিল ৬২ কিলোমিটাৰ (৩৮.৫৩ মাইল)। ইফালে ফিভলক্স এজেন্সীয়ে জনাই যে, সাগৰৰ ১০ কিলোমিটাৰ তলত এই ভূমিকম্প হয়।

ছুনামিৰ সতৰ্কবাণী

এই ভূমিকম্পৰ পাছতে এতিয়া ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। মধ্য আৰু দক্ষিণ ফিলিপাইনছৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলক উচ্চ স্থানলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে। এতিয়ালৈকে কোনো ডাঙৰ ক্ষয়-ক্ষতিৰ তথ্য আহি পৰা নাই যদিও, ফিভলক্সে সকীয়াই দিছে যে অহা দুঘণ্টাৰ ভিতৰত সাগৰৰ ঢৌ এক মিটাৰতকৈ অধিক উচ্চতা বৃদ্ধি পাব পাৰে।

হনোলুলুৰ পেচিফিক ছুনামি সতৰ্কবাণী কেন্দ্ৰই উল্লেখ কৰিছে যে, ভূমিকম্পৰ কেন্দ্ৰ পৰা ৩০০ কিলোমিটাৰ দূৰ পৰ্যন্ত পৰিস্থিতি ভয়ংকৰ হব পাৰে। ১০ ফুট পৰ্যন্ত সাগৰৰ ঢৌ উঠিব পাৰে। যাৰ বাবে সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনোৱা হৈছে।

 

অন্য খবৰ পঢ়কঃ ধৰ্ম পৰিৱৰ্তন কৰি দ্বিতীয় বিবাহ! পুনৰ অবৈধ প্ৰেম, পাছত স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড মহিলাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...