শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইছলামবাদ বিস্ফোৰণৰ বাবে ভাৰতক দোষাৰোপ পাকিস্তানৰ, লগে লগে বৈদেশিক মন্ত্ৰালয়ৰ স্পষ্ট বাৰ্তা…

শেহতীয়াকৈ ইছলামবাদত সংঘটিত হোৱা আত্মঘাতী বোমা বিস্ফোৰণৰ আঁৰত নতুন দিল্লী আছে বুলি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে উত্থাপন কৰা অভিযোগ মঙলবাৰে ভাৰতে তীব্ৰভাৱে খণ্ডন কৰে।

ইছলামবাদ বিস্ফোৰণৰ বাবে ভাৰতক দোষাৰোপ পাকিস্তানৰ, লগে লগে বৈদেশিক মন্ত্ৰালয়ৰ স্পষ্ট বাৰ্তা…
manas-borah
Manas Borah | Updated On: 12 Nov 2025 07:41 AM

মঙলবাৰে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ ৰাজধানী ইছলামবাদতো বিস্ফোৰণে কঁপাইছিল। লালকিল্লাত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্ত সংস্থাসমূহে চলাই থকাৰ সময়তে পাকিস্তানে নিজৰ ৰাজধানীত হোৱা আক্ৰমণৰ বাবে ভাৰতক দোষাৰোপ কৰিছে। শেহতীয়াকৈ ইছলামবাদত সংঘটিত হোৱা আত্মঘাতী বোমা বিস্ফোৰণৰ আঁৰত নতুন দিল্লী আছে বুলি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে উত্থাপন কৰা অভিযোগ মঙলবাৰে তীব্ৰভাৱে খণ্ডন কৰে ভাৰতে।

ভাৰতে এই দাবীসমূহক “ভিত্তিহীন” বুলি অভিহিত কৰে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, “হতাশগ্ৰস্ত পাকিস্তানী নেতৃত্বই উত্থাপন কৰা ভিত্তিহীন অভিযোগ ভাৰতে স্পষ্টভাৱে নাকচ কৰিছে।”

শ্বৰীফে ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন শ্বৰীফৰ

ইছলামবাদত অনুষ্ঠিত আন্তঃসংসদীয় অধ্যক্ষ সন্মিলনত শ্বৰীফে পাকিস্তানক অস্থিৰ কৰাৰ লক্ষ্যৰে সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ উত্থাপন কৰা ভাষণৰ কেইঘণ্টামানৰ পিছতে বৈদেশিক কাৰ্যালয়ৰ এই বিবৃতি প্ৰকাশ পাইছে। মঙলবাৰে ইছলামবাদত সংঘটিত হোৱা আত্মঘাতী বোমা বিস্ফোৰণৰ দায়িত্ব তেহৰিক-ই-তালিবান পাকিস্তানে স্বীকাৰ কৰাৰ পাছতো শ্বৰীফে এই আক্ৰমণৰ আঁৰত ভাৰত থকা বুলি অভিযোগ উত্থাপন কৰে।

পাকিস্তান চৰকাৰৰ অফিচিয়েল এক্স একাউণ্টৰ পৰা এটা পোষ্টত শ্বৰীফে দাবী কৰিছে যে, ভাৰতৰ সহযোগত আফগান ভূমিত প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদীয়ে আত্মঘাতী আক্ৰমণ সংঘটিত কৰিছে। তেওঁ কোনো প্ৰমাণ নিদিয়াকৈ কয় যে, ভাৰতীয় পৃষ্ঠপোষকতাত আফগান মাটিৰ পৰা সংঘটিত হোৱা এই আক্ৰমণসমূহৰ বাবে নিন্দা কৰাই যথেষ্ট নহ’ব।

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত বিস্ফোৰণ

মঙলবাৰে ভয়ংকৰ বিস্ফোৰণে কঁপাই গৈছিল পাকিস্তানৰ ৰাজধানী ইছলামাবাদ। ১১ নৱেম্বৰৰ দুপৰীয়া ইছলামাবাদৰ জিলা আদালতৰ বাহিৰৰ এখন বাহনত এক শক্তিশালী বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰ, এই ঘটনাত প্ৰায় ১২ জন লোক নিহত হোৱাৰ বিপৰীতে ২০ জনতকৈ অধিক লোক আহত হৈছে।