শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোনোবাজন যদি ডক্টৰেট, আন কোনোজন চিকিৎসক…কিন্তু তেওঁলোকৰ কৰ্ম-কাণ্ডই লজ্জিত কৰিছে মানৱ সমাজক

ৰাজধানী দিল্লীৰ বিস্ফোৰণ আৰু দেশত ভয়ংকৰ বিস্ফোৰণৰ পৰিকল্পনা কৰা ঘটনাৰ সৈতে জড়িত থকা আটাইকেইজনেই হৈছে উচ্চ শিক্ষিত। ইমান শিক্ষা থকাৰ পাছতো তেওঁলোকে কিয় এনে নাৰকীয় কাণ্ড সংঘটিত কৰিবলৈ আগবাঢ়িল? কেৱল এইকেইজনেই নহয়, ওছামা বিন লাডেনৰ পৰা হাফিজ ছাইদলৈকে প্ৰতিজন সন্ত্ৰাসবাদী নেতাই আছিল উচ্চ শিক্ষিত।

কোনোবাজন যদি ডক্টৰেট, আন কোনোজন চিকিৎসক…কিন্তু তেওঁলোকৰ কৰ্ম-কাণ্ডই লজ্জিত কৰিছে মানৱ সমাজক
বিশ্বৰ শিক্ষিত সন্ত্ৰাসবাদীImage Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 12 Nov 2025 13:33 PM

দেশৰ ৰাজধানী দিল্লীক কঁপাইছে চিকিৎসকৰ এটা দলে। সোমবাৰে (১০ নৱেম্বৰ) লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ড০ ওমৰ বুলি কোৱা হৈছে বিভিন্ন সূত্ৰত। ওমৰৰ উপৰিও এই ঘটনাৰ সৈতে জড়িত ডাঃ মুজাম্মিল, ডাঃ শ্বাহীন, ডাঃ আদিল, ডাঃ মহিউদ্দিনৰ নামো পোহৰলৈ আহিছে। তেওঁলোক সকলোৱেই সংযুক্ত আৰু বৃহত্তৰ পৰিকল্পনাৰ কাম কৰি আছিল যদিও তদন্তকাৰী সংস্থাসমূহে তেওঁলোকৰ পৰিকল্পনা বিফল কৰাত বহুলাংশে সফল হৈছিল।

এই ঘটনাৰ পূৰ্বে এই চিকিৎসকৰ দলটোৰ আত্মগোপন স্থানৰ পৰা বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল। এই ক্ষেত্ৰত তেওঁলোকৰ নাম পোহৰলৈ অহাৰ পাছত আৰু তেওঁলোকৰ শিক্ষা আৰু লিখনী পৰীক্ষা কৰাৰ লগে লগে প্ৰথম প্ৰশ্ন উত্থাপন হৈছে যে ইমানখিনি শিক্ষা থকাৰ পিছত তেওঁলোকে কেনেকৈ এনে কাম কৰিব পাৰিলে?

ইমান শিক্ষা লাভ কৰি যে কেৱল তেওঁলোকহে যে সন্ত্ৰাসবাদী হৈ পৰিল এনে নহয়। তেওঁলোকৰ আগতেও বহু শিক্ষিত লোক সন্ত্ৰাসবাদৰ এই পৃথিৱীলৈ আহিছিল আৰু নিজৰ কাম কৰি গুচি গৈছিল।

প্ৰথমে লস্কৰৰ মুৰব্বী হাফিজ ছাইদৰ কথা কওঁ। পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী সংগঠন চলোৱা হাফিজে দুটা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ পাকিস্তানৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তদুপৰি তেওঁ কিং ছাউদ বিশ্ববিদ্যালয়ৰ পৰা ইছলামিক অধ্যয়ন আৰু আৰবী ভাষাত ডিগ্ৰী লাভ কৰে, য’ত তেওঁ অধ্যাপক হিচাপেও অধ্যাপনা কৰিছিল। হাফিজ ছাইদ হৈছে সন্ত্ৰাসবাদী সংগঠন লস্কৰৰ প্ৰতিষ্ঠাপক। তেওঁ ভাৰতৰ মষ্ট ৱাণ্টেড লিষ্টত আছে। ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড ছাইদ।

Hafiz Saeed, Leader Of The Banned Organisation Jamaat Ud

হাফিজ ছাইদ

১৯৯৩ চনৰ মুম্বাই বোমা বিস্ফোৰণত দোষী সাব্যস্ত হোৱা ইয়াকুব মেমনো কম শিক্ষিত নাছিল। তেওঁ পেছাত চাৰ্টাৰ্ড একাউণ্টেণ্ট আছিল আৰু ২০১৫ চনৰ ৩০ জুলাইত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰিছিল। তদুপৰি ইণ্ডিয়ান মুজাহিদীনৰ সন্ত্ৰাসবাদী মনছুৰ পিৰভয় এজন চফটৱেৰ ইঞ্জিনিয়াৰ আছিল আৰু য়াহুৰ সৈতেও কাম কৰি আহিছে।

২০১১ চনৰ ২ মে’ত আমেৰিকাৰ অভিযানত নিহত হোৱা আল কায়দাৰ প্ৰথমজন জেনেৰেল ওছামা বিন লাডেনো আছিল অত্যন্ত শিক্ষিত ব্যক্তি। ৰিয়াদত জন্মগ্ৰহণ কৰা ওছামা বিন লাডেনে ১৯৭৯ চনলৈকে চৌদি আৰৱ আৰু বিদেশী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ জেদ্দাত প্ৰাথমিক, মাধ্যমিক, আনকি বিশ্ববিদ্যালয়ৰ শিক্ষাও লাভ কৰিছিল। ১৯৮১ চনত জেদ্দাৰ কিং আব্দুল আজিজ বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা প্ৰশাসনৰ ডিগ্ৰী লাভ কৰে। আফগানিস্তানত ছোভিয়েট যুদ্ধ শেষ হোৱাৰ পিছত ১৯৮৮ চনত বিন লাডেনে বিশ্বজুৰি জেহাদ চলাবলৈ আল কায়দা প্ৰতিষ্ঠা কৰে।

Osama Bin Laden

ওছামা বিন লাডেন

আল কায়দাৰ প্ৰাক্তন নেতা আয়মান আল জাৱাহিৰী চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীধাৰী আছিল আৰু ইজিপ্তত এজন অস্ত্ৰোপচাৰ বিশেষজ্ঞ আছিল। তেওঁক আমেৰিকাত ৯/১১ৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি গণ্য কৰা হয়। ২০২২ চনৰ জুলাই মাহত তেওঁৰ মৃত্যু হয়।

Qatar: A Day With The Al Jazira Tv Channel

আল জাৱাহিৰী

আইছিছৰ প্ৰাক্তন নেতা আবু বকৰ আল বাগদাদীয়ে ইছলামিক ষ্টাডীজত পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল। ২০১০ চনৰ পৰা ২০১৯ চনলৈকে তেওঁ আইছিছৰ নেতৃত্ব দিছিল। বাগদাদী এসময়ত সন্ত্ৰাসৰ এক অন্য নাম আছিল। ২০১৯ চনৰ অক্টোবৰ মাহত তেওঁৰ মৃত্যু হয়।

Abu Bakr Al Baghdadi

আবু বকৰ আল বাগদাদী

হিজবুল মুজাহিদীনৰ প্ৰাক্তন কমাণ্ডাৰ জাকিৰ মুছাই সন্ত্ৰাসবাদী হোৱাৰ আগতে বি.টেক অধ্যয়ন আছিল। মুছাই দশম শ্ৰেণীলৈকে নূৰপাৰাৰ নূৰ পাব্লিক স্কুলত অধ্যয়ন কৰি তাৰ পিছত নূৰপাৰাৰ এখন চৰকাৰী বিদ্যালয়ত দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰে। ২০১৯ চনত নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছিল মুছাক। তেওঁৰ প্ৰকৃত নাম জাকিৰ ৰছিদ ভাট।

৯/১১ত জড়িত শিক্ষিত সন্ত্ৰাসবাদী

৯/১১ৰ বিমান অপহৰণকাৰী আৰু আক্ৰমণকাৰীসকল আছিল উচ্চ শিক্ষিত। তেওঁলোক ছৌদি আৰব আৰু ইজিপ্তৰ মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছিল। মূল অপহৰণকাৰী মহম্মদ আত্তাই কায়ৰো বিশ্ববিদ্যালয়ত স্থাপত্য কলা অধ্যয়ন কৰিছিল আৰু পিছলৈ হামবাৰ্গত আৰ্বান ডিজাইনত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। মাৰৱান আল-শ্বাহী আৰু জিয়াদ জাৰাহেও জাৰ্মানীত অধ্যয়ন কৰিছিল। জিয়াদ জাৰাহ লেবাননৰ ধনী পৰিয়ালৰ পৰা আহিছিল আৰু হামবাৰ্গ ইউনিভাৰ্চিটি অৱ এপ্লাইড ছায়েন্সত অধ্যয়ন কৰিছিল।