23 DEC 2025
TV9 ASSAM
শীতকালত স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগৰ প্ৰয়োজন। বিশেষকৈ ডায়েবেটিছ ৰোগীয়ে এই বতৰত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব লাগে।
নৰসিংহৰ পাতত থকা আঁহ আৰু পুষ্টিকৰ উপাদানে তেজৰ চুগাৰৰ বৃদ্ধি লেহেমীয়া কৰাত সহায় কৰে আৰু ইনচুলিনৰ প্ৰতিক্ৰিয়া উন্নত কৰে।
নিয়মিতভাৱে নৰসিংহৰ পাত খালে বিপাকীয় ক্ৰিয়া উন্নত হয়। যাৰ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয়।
নৰসিংহৰ পাতৰ ফলত এল ডি এল (বেয়া কলেষ্টেৰল) কম হয় আৰু এইচ ডি এল (ভাল কলেষ্টেৰল) বৃদ্ধি পায়।
নৰসিংহৰ পাতে ডায়েবেটিছ ৰোগীৰ গেছ, বদহজম, পেটৰ সমস্যা কমায়।
নৰসিংহৰ পাতে ফ্ৰী ৰেডিকেল নাইকিয়া কৰি প্ৰদাহ কমায়, যাৰ ফলত শৰীৰৰ উপকাৰ হয়।
ৰাতিপুৱা খালী পেটত ৭-১০টা নৰসিংহৰ পাত চোবাই খাব লাগে বা কুহুমীয়া পানী/চাহৰ লগত খাব লাগে। ইয়াৰ ফলত তেজৰ চুগাৰৰ পৰিমাণ প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
চাবলৈ ক্লিক কৰক