TV9 ASSAM
ভাৰতৰ ডি গুকেছে জয় কৰিছে বিশ্ব ডবা চেম্পিয়শ্বিপ। ছিংগাপুৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত আজি খিতাপ জয় কৰে গুকেছে।
ডি গুকেছে চীনৰ খেলুৱৈ ডিং লিৰেনক পৰাস্ত কৰি বিশ্ব দবা চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্ব অৰ্জন কৰে।
মাত্ৰ ১৮ বছৰ বয়সতে খিতাপ জয় কৰি গুকেছ ডবা বিশ্ব চেম্পিয়ন হোৱা সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে।
বিশ্ব চেম্পিয়ন হোৱাৰ লগে লগে ডি গুকেছে লাভ কৰিছে বিপুল পৰিমাণৰ পুৰস্কাৰৰ ধন।
বিশ্ব চেম্পিয়ন হিচাপে গুকেছে লাভ কৰিছে ১.৩ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১১ কোটি টকা।
এতিয়াও বিদ্যালয়ৰ শিক্ষাগ্ৰহণ কৰি থকা ডি গুকেছৰ বয়স মাত্ৰ ১৮ বছৰ আৰু এই বয়সতে তেওঁ ডবাৰ জৰিয়তে হৈ পৰিছে কোটিপতি।
ডবা চেম্পিয়ন গুকেশৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০ কোটি টকা। এতিয়া বিশ্ব চেম্পিয়ন হোৱাৰ পিছত এই পৰিমাণ স্বাভাৱিকতেই বৃদ্ধি পাব।
পঢ়িবলৈ ক্লিক কৰক
শীতকালত নৱজাতকৰ যত্ন কেনেদৰে ল'ব?