পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু পালন কৰা হয়। 

13 JAN 2026

TV9 ASSAM

মাঘ বিহুৰ মূল বস্তু হৈছে মেজি পোৰা। মেজিৰ তলত আশীৰ্বাদ ল’লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে।

নিয়ম

মেজি হৈছে মাঘ বিহুত জ্বলাবলৈ তৈয়াৰ কৰা কাঠ বা খেৰৰ ওখ দ’ম। বহু ঠাইত এনে মেজি কলগছৰ শুকান পাত, নৰা আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহেৰেও তৈয়াৰ কৰে।

নিয়ম

মাঘ বিহুৰ উৰুকাৰ নিশা মেজি জ্বলাই ভেলাঘৰত ভোজ ভাত খাই আনন্দ কৰে আৰু পিছদিনা বৰ মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰাৰ ৰীতি প্ৰচলিত আছে।

নিয়ম

মাঘ বিহুত মেজি সজাৰ নিয়ম আৰু পৰম্পৰা ঠাইবিশেষে বেলেগ বেলেগ। ইয়াৰ পৰা বিভিন্ন অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়।

নিয়ম

মেজিত দিবৰ বাবে নিয়া মাহকৰাই মেজিত উৎসগা কৰি তাৰে এটা অংশ ঘৰলৈ লৈ আনে আৰু সেইবোৰ আম-কঁঠাল, কলকল-নাৰিকল, তামোল-লাও আদি গুটি লগা গছত গুটি বেছিকৈ লাগিবলৈ ছটিয়াই দিয়ে।

নিয়ম

ভঁৰালৰ ধান সুৰক্ষিত অৱস্থাত থাকিবৰ বাবে আৰু যাতে কোনেও বাণ মাৰিব বা অপায়-অমংগল ঘটাব নোৱাৰে, তাৰ বাবেও ভঁৰাল আৰু ঘৰত সেইবোৰ ছটিওৱাৰ লগতে সমৃদ্ধিৰ কথাও ভৱা হয়। একে বিশ্বাসতে মেজিৰ আধাপুৰা খৰি আনি বাৰীৰ চাৰি চুকত পোতা হয়।

নিয়ম

একে বিশ্বাসতে মেজিৰ আধাপুৰা খৰি আনি বাৰীৰ চাৰি চুকত পোতা হয়।

নিয়ম

চাবলৈ ক্লিক কৰক 

গংগা পানী ঘৰত ৰখা হয় কিন্তু যমুনাৰ পানী নহয়, কিয়?