15 Jan 2026
TV9 ASSAM
কিছুমান লোকে বীট খোৱাৰ পৰা দূৰত থাকক, খোৱাৰ আগতে জানি লওক এই কথা
বিশেষজ্ঞসকলৰ মতে বীটৰ গ্লাইচেমিক ইনডেক্স বেছি। ইয়াক চালাদ বা জুচ কৰি খোৱাটো ভাল। কিন্তু সকলোৱে ইয়াক খালে সুফল নাপায়।
খাদ্যভাস সঠিক কৰিলে আমি বিভিন্ন বেমাৰৰ পৰা বাচি থাকিব পাৰো। এনে বহু খাদ্যৰ ভিতৰত বীট অন্যতম। কিন্তু বীট কেনেকৈ কিমান পৰিমাণৰ খাব লাগে সেই কথা জনাটো অতি দৰকাৰী।
বীটত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যাৰ ফলত শৰীৰত পটাছিয়ামৰ অভাৱ দূৰ হয় ৷ পটাছিয়ামৰ অভাৱৰ বাবে শৰীৰত ক্লান্তি আৰু দুৰ্বলতাৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷
বিটত ফছফৰাছ থাকে যিয়ে চুলি বৃদ্ধিত সহায় কৰে ৷ ই চুলিৰ সমস্যা দূৰ কৰে ৷ ইয়াত থকা আঁহবোৰে আপোনাৰ পেট পৰিষ্কাৰ কৰি ৰাখে। কিন্তু নিম্ন ৰক্তচাপ থকাসকলে নাখাব বীট।
কিডনিৰ সমস্যা থকা ৰোগীয়ে অত্যাধিক সেৱন কৰিলে সমস্যা হ'ব পাৰে, লগতে বেছি পৰিমাণে খালে মূত্ৰ আৰু মলৰ ৰং পৰিৱৰ্তন, আৰু অত্যধিক নাইট্ৰেট থকাৰ বাবে কিছুমান লোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।
সবিশেষৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওক। এয়া মাথোঁ সাধাৰণ তথ্যৰ বাবেহে।
পঢ়িবলৈ ক্লিক কৰক