শৰীৰত দেখা দিয়া বিভিন্ন লক্ষণে আমাক বহু ৰোগৰ ইংগিত দিয়ে।

1 0CT 2025

Getty images

TV9 ASSAM

বৃক্কই আমাৰ শৰীৰত শোধনৰ কাম কৰে।। প্ৰায়ে বৃক্কৰ ৰোগ গুৰুতৰ পৰ্যায়ত উপনীত হ’লেহে ধৰা পৰে। এই প্ৰাথমিক লক্ষণবোৰ চিনাক্ত কৰি চিকিত্‍সকৰ পৰামৰ্শ সময়মতে ল’ব লাগে।

বৃক্ক

 প্ৰায়ে মানুহে শৰীৰত দেখা দিয়া কিছুমান সৰু লক্ষণবোৰক আওকাণ কৰে, কিন্তু বিজ্ঞানে কয় যে, এনে কিছুমান ৰোগ আছে যিয়ে একেলগে শৰীৰৰ এটাতকৈ অধিক অংগ ক্ষতি কৰিব পাৰে।

বৃক্ক

ডাঃ হিমাংশু বৰ্মাই বুজাই দিয়ে যে, যদি বৃক্কৰ কাম সঠিকভাৱে নহয় তেন্তে শৰীৰত আৱৰ্জনা জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত তেজত থকা অক্সিজেনৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পৰে।

বৃক্ক

বৃক্কই শৰীৰৰ পৰা নিমখ আৰু পানী আঁতৰাবলৈ অক্ষম হ’লে শৰীৰত জমা হৈ ফুলি উঠে। বিশেষকৈ ৰাতিপুৱা চকুৰ তলত বা ভৰিৰ গোৰোহা ফুলা সমস্যাই দেখা দিব পাৰে।

বৃক্ক

বৃক্ক বিকল হোৱাৰ প্ৰথম লক্ষণসমূহৰ ভিতৰত এটা হ’ল প্ৰস্ৰাৱৰ পৰিৱৰ্তন। প্ৰস্ৰাৱৰ ৰং ক’লা হোৱা, তাত ফেন হোৱা, সঘনাই প্ৰস্ৰাৱ কৰা বা অতি কম প্ৰস্ৰাৱ কৰা এই সকলোবোৰ।

বৃক্ক

বৃক্ক বিকল হোৱাৰ বাবে শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি পায়। যাৰ ফলত বমি, ভোক কমি যায়। কেতিয়াবা মুখৰ সোৱাদো কমি হৈ যায়।

বৃক্ক

যদি বৃক্কই শৰীৰৰ পৰা অতিৰিক্ত তৰল পদাৰ্থ আঁতৰাব নোৱাৰে। তেন্তে হাওঁফাওঁত জমা হ’ব পাৰে। ইয়াৰ ফলত কোনো কাম নকৰিলেও উশাহ-নিশাহৰ কষ্ট হয়। লগতে ছালৰ খজুৱতি আৰু শুকান হোৱা সমস্যা হ'ব পাৰে।

বৃক্ক

শীতকালত শুকান চুলিৰ সমস্যা তৎক্ষণাত কৰক দূৰ

চাবলৈ ক্লিক কৰক