November 22, 2025
TV9 ASSAM
খাদ্য খোৱাৰ পাছত খোজ কাঢ়িলে কি হয় ? বিশেষজ্ঞৰ মতে খোৱাৰ পাছত ১০ মিনিট খোজ কাঢ়িব লাগে। ইয়াৰ উপকাৰ জানোঁ আহক।
খাদ্য খোৱাৰ পাছত অলপ সময় খোজ কাঢ়িলে বহু সমস্যাৰ পৰা উপশম পাব পাৰি। ৰাতি আহাৰ গ্ৰহণ কৰাৰ পাছতে বিছনাত পৰিব নালাগে।
খাদ্য খোৱাৰ পিছত স্বাভাৱিকতে তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি পায়। খোজ কঢ়াৰ ফলত আপোনাৰ তেজৰ মাত্ৰা হ্ৰাস পাব পাৰে।
খাদ্য খোৱাৰ পিছত খোজ কাঢ়িলে পাচন প্ৰক্ৰিয়া অধিক সক্ৰিয় হয়। পেটৰ পৰা অন্ত্ৰলৈ খাদ্য স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়াও বৃদ্ধি পায়। ইয়াৰ ফলত খাদ্যৰ হজম সহজ হয়।
খাদ্য খোৱাৰ পিছত দহ মিনিট খোজ কাঢ়িলে গেছৰ সমস্যা নাইকিয়া হ’ব পাৰে। যিটো পেট ফুলাৰ প্ৰকৃত কাৰণ।
খোজ কঢ়াৰ ফলত খাদ্যৰ পৰা শৰীৰৰ চৰ্বি ভাঙি শক্তি সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ফলত ট্ৰাইগ্লিচাৰাইড জমা হ’ব নোৱাৰে। বেয়া কলেষ্টেৰলও জমা নহয়। হৃদযন্ত্ৰৰ স্বাস্থ্যও ভাল হয়।
ৰাতি খাদ্য খোৱাৰ পিছত খোজ কাঢ়িলে স্নায়ু শান্ত আৰু শিথিল হোৱাত সহায় কৰে। ফলত টোপনি ভাল হয় বুলি কোৱা হয়।
পঢ়িবলৈ ক্লিক কৰক