30 Sept 2025
TV9 ASSAM
হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ মান্যতা অধিক। বাস্তু শাস্ত্ৰই মানুহত জীৱনৰ বিভিন্ন সমস্যাৰ সমাধান দিয়ে। ঘৰৰ প্ৰতিটো দিশ, প্ৰতিটো কাৰকৰ সৈতে বাস্তু নিহত হৈ থাকে।
বাস্তু শাস্ত্ৰ অনুসৰি নিশা কিছুমান কাম কৰিব নালাগে। এই কামসমূহ কৰিলে জীৱনলৈ সমস্যা আহিব পাৰে। ধনৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশৰ ওপৰত সমস্যা আহিব পাৰে।
কোৱা হয়, নিশাৰ ভাগত কিছুমান কাম কৰিলে ঘৰলৈ নকৰাত্মক শক্তিৰ আগমন হয়। এনে অৱস্থাত বহু সমস্যা আহিব পাৰে আৰু ঘৰৰ সদস্য সকলৰো সমস্যা আহিব পাৰে।
বাস্তু শাস্ত্ৰ মতে, নিশাৰ সময়ত নখ কাটিব নালাগে। এয়া অশুভ। এনে কৰিলে মা লক্ষ্মীৰ কৃপা লাভ কৰা নাযায়। এনে ক্ষেত্ৰত আৰ্থিক সমস্যা বৃদ্ধি হয়। হাতত ধন নাথাকে।
মান্যতা অনুসৰি, সূৰ্য অস্ত যোৱাৰ পাছত ঘৰত ঝাড়ু লগাব নালাগে। এয়া অশুভ। সূৰ্যাস্তৰ পাছত ঘৰত ঝাড়ু লগালে মা লক্ষ্মী অসন্তুষ্ট হয়। তেনেস্থলত ঘৰত আৰ্থিক সমস্যাৰ সৃষ্টি হয়, জীৱনলৈ সমস্যা আহে।
লেতেৰা বিচনা চাদৰ শুব নালাগে। এনে কৰিলে মন বেয়া হব পাৰে আৰু নকৰাত্মক শক্তি প্ৰৱেশ কৰিব পাৰে। পৰিস্কাৰ বিচনা চাদৰত শুলে মানুহে মানসিক শান্তি লাভ কৰে।
বহু সময়ত মানুহে নিশা শুৱাৰ সময়ত কিতাপ পঢ়ে আৰু গাড়ুৰ তলত থৈ দিয়ে। এনে কৰিলে বুধ গ্ৰহ দুৰ্বল হয়। বুধ বুদ্ধি, সংবাদ, শিক্ষা আৰু বাণিজ্যৰ কাৰক। এনে ক্ষেত্ৰত জীৱনলৈ সংকট আহে।
পঢ়িবলৈ ক্লিক কৰক