TV9 ASSAM
ইউৰিক এচিডৰ সমস্যা বৰ্তমান সময়ত বহুলোকৰ ক্ষেত্ৰত দেখা যায়। এই সমস্যা হ’লে কিছুমান খাদ্য খোৱাৰ পৰা বিৰত থকা উচিত।
অত্যধিক নিমখ দিয়া আৰু তেলত ভজা খাদ্যই ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, ইয়াৰ ফলত গাউটৰ দৰে ৰোগ হ’ব পাৰে।
কৃত্ৰিমভাৱে মিঠা কৰা পানীয় আৰু ফ্ৰুক্ট’জ সমৃদ্ধ ৰসে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। সেয়ে এনে পানীয়ৰ ক্ষেত্ৰতো সাৱধান হ’ব লাগে।
কিছুমান শাক-পাচলি যেনে পালেং, শতমূল, কাঠফুলা আদিত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পৰা পদাৰ্থ থাকে। সেয়ে এইক্ষেত্ৰতো সাৱধান হ’ব লাগে।
মচুৰ দাইলৰ দৰে কিছুমান দাইল আৰু বুটত প্ৰচুৰ পৰিমাণে পিউৰিন থাকে, ইয়াৰ ফলত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পাব পাৰে।
সাগৰীয় মাছৰ দৰে খাদ্য, অধিক পৰিমাণে কুকুৰা মঙহ আৰু কণী খালে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়। সেয়ে সাৱধান হওক।
অত্যধিক তেলীয়া আৰু ফাষ্ট ফুড খালেও ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়, ইয়াৰ ফলত গাঁঠিবোৰ ফুলি উঠা আৰু বিষৰ দৰে সমস্যা হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
প্ৰস্ৰাৱ কৰাৰ সময়ত হয় নেকি জ্বলা-পোৰা বা বিষ?