TV9 ASSAM
কফি হৈছে সমগ্ৰ বিশ্বৰ মানুহৰে প্ৰিয় পানীয়। কিছুমান মানুহে একাপ কফি অবিহনে দিনটো আৰম্ভ কৰিব নোৱাৰে।
কফিক লৈ মানুহৰ মনত প্ৰায়ে এটা প্ৰশ্ন থাকে, কোনে কফি খাব লাগে আৰু কোনে খাব নালাগে? বিশেষজ্ঞৰ পৰা জানো আহক..
শ্ৰীবালাজী এক্সন মেডিকেল ইনষ্টিটিউটৰ ইণ্টাৰ্ণেল মেডিকেল ইক্সপাৰ্ট ডাঃ অংকিত বনচালে কয় যে অত্যাধিক কফিয়ে স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে
যিসকল লোকৰ অনিদ্ৰা, উদ্বিগ্নতা, মানসিক চাপ, উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰ বা পেটৰ সমস্যা আছে । তেওঁলোকে কফি খোৱাটো পৰিহাৰ কৰিব লাগে।
বিশেষজ্ঞসকলে কয় যে গৰ্ভৱতী আৰু স্তন্যপান কৰাই থকা মহিলাসকলে গ্ৰহণ কৰা কেফেইনৰ পৰিমাণ সীমিত কৰিব লাগে। কিয়নো ই কেঁচুৱাটোৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।
কেফেইন সংবেদনশীলতা থকা লোকসকলেও কফি পৰিহাৰ কৰিব লাগে। ই উদ্বেগ সৃষ্টি কৰিব পাৰে।
যদি আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যা নাই, তেন্তে আপুনি দৈনিক এক বা দুই কাপ কফি খাব পাৰে।
চাবলৈ ক্লিক কৰক