যকৃত দুৰ্বল কৰে এই ৩ বিধ খাদ্যই. জানক...

14 JAN 2026

TV9 ASSAM

যকৃত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। আমাৰ শৰীৰ সুস্থ কৰি ৰখাত ইয়াৰ গুৰুত্ব অধিক। ই পাচন প্ৰক্ৰিয়াৰ পৰা শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে।

যকৃত

যকৃতে আমাৰ শৰীৰৰ বিভিন্ন কাম কৰে। কিন্তু আজিকালি খাদ্য বা জীৱনশৈলীৰ বাবে বিভিন্নজনৰ যকৃতৰ সমস্যা বৃদ্ধি পাইছে।  পৰিস্থিতি এনে হয় যে বহুতৰ মৃত্যু হয়।

সমস্যা

কিছুমান খাদ্য বা পানীয় আছে যিয়ে যকৃতত বেয়া প্ৰভাৱ পেলায়। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ আৰু এই খাদ্যসমূহৰ পৰা আঁতৰত থকা প্ৰয়োজন।

খাদ্য

এই সন্দৰ্ভত বিশিষ্ট চিকিৎসক সৌৰভ চেঠীয়ে কিছুদিন পূৰ্বে সামাজিক মাধ্যমত এক ভিডিঅ' প্ৰচাৰ কৰিছিল। য'ত তেওঁ এনে ৩ বিধ খাদ্যৰ কথা উল্লেখ কৰিছিল যি যকৃতৰ বাবে বেয়া।

চিকিৎসক

কোল্ড ড্ৰিক যকৃতৰ বাবে বেয়া। ই ফ্ৰক্টোজেৰে ভৰপুৰ। যিয়ে যকৃতত চৰ্বি বৃদ্ধি কৰে। গতিকে কোল্ড ড্ৰিক খোৱাৰ ফলত ফেটি লিভাৰৰ সমস্যা হোৱাৰ অধিক হৈ পৰে।

কোল্ড ড্ৰিংক

চোয়াবিন, কৰ্ণ আৰু সুৰুযমুখী তেলত অমেগা৬ ফেটী এচিডেৰে ভৰপুৰ। বহুতে খাদ্য, দাইল, পৰঠা আদিত এই তেল ব্যৱহাৰ কৰে। বেছিকৈ অমেগা-৬ খোৱাৰ ফলত যকৃতত চৰ্বি আৰু অক্সিডেটিভ ষ্ট্ৰেচ বৃদ্ধি হয়।

তেল

পেকেটত পোৱা জুচত সাধাৰণতে ফ্ৰক্টোজ থাকে। ইয়াত ফাইবাৰ নাথাকে। যাৰ ফলত ব্লাড চুগাৰ বৃদ্ধি হব পাৰে।  পৰৱৰ্তী সময়ত ইয়াৰ ফলত যকৃতৰ সমস্যা হ'ব পাৰে।

পেকেট জুচ

পঢ়িবলৈ ক্লিক কৰক 

লিভাৰৰ সংক্ৰমণৰ লক্ষণ