যক্ষ্মা ৰোগৰ লক্ষণসমূহ কি কি জানক...

7 AUG 2025

TV9 ASSAM

TB অৰ্থাৎ যক্ষ্মা এনে এক ৰোগ যিয়ে শৰীৰৰ যিকোনো অংশত প্ৰভাৱিত কৰিব পাৰে। সময়মতে ইয়াৰ চিকিৎসা নকৰিলে ই মাৰাত্মক হৈ পৰিব পাৰে।

TB

চিকিৎসকৰ মতে, যদি ১৫-২০ দিন ধৰি কাহ হৈ থাকে তেন্তে টিবিৰ পৰীক্ষা কৰা দৰকাৰ। কাহৰ লগতে টিবি হোৱাৰ সময়ত অন্য কিছুমান লক্ষণেও দেখা দিয়ে। যাক আওকান কৰিব নালাগে।

চিকিৎসকে কি কয়

কোনো কাৰণ নোহোৱাকৈ হৈ থকা কাহ, জ্বৰৰ লগতে দুৰ্বলতা যক্ষ্মা ৰোগৰ লক্ষণ হ'ব পাৰে। দীৰ্ঘদিন ধৰি এই ৰোগ হ'লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

দুৰ্বল 

কোনো কাম নকৰাকৈ ভাগৰ আৰু শক্তি কম অনুভৱ কৰা যক্ষ্মা ৰোগৰ লক্ষণ হ'ব পাৰে। অলপ কাম কৰিয়েই ভাগৰি যাব পাৰে।

ভাগৰ

ইয়াৰোপৰি যক্ষ্মা ৰোগ হোৱাৰ ফলত মানুহৰ ওজন হঠাতে হ্ৰাস পাব পাৰে। যদি কোনো ডায়েট নকৰাকৈ, ব্যায়াম নকৰাকৈ ওজন কমে তেতিয়া ই সমস্যাৰ কাৰণ হ'ব পাৰে।

ওজন হ্ৰাস

টিবিৰ ৰোগীসকলৰ ভোক কমি যায়। বহু ঘন্টা ধৰি খাদ্য গ্ৰহণ নকৰাৰ পাছতো ভোক নালাগে।

ভোক

ইয়াৰোপৰি বিশেষকৈ নিশা জ্বৰ উঠা, উশাহত কষ্ট হোৱা আদি যক্ষ্মা ৰোগৰ লক্ষণ হ'ব পাৰে। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

অন্য লক্ষণ

পঢ়িবলৈ ক্লিক কৰক 

তেজত কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ