TV9 ASSAM
উত্তৰ প্ৰদেশৰ আগ্ৰাত নিৰ্মিত তাজমহল হৈছে বিশ্বৰ সাতটা আশ্চৰ্যৰ ভিতৰত এটা। বিশ্বৰ বিভিন্ন দেশৰ পৰা পৰ্যটকে তাজমহল চাবলৈ আহে।
তাজমহলক প্ৰেমৰ প্ৰতীক বুলিও কোৱা হয়। যিটো মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ প্ৰিয় বেগম মমতাজ মহলৰ স্মৃতিত নিৰ্মাণ কৰিছিল।
বেগম মমতাজক তাজমহলত সমাধিস্থ কৰা হৈছিল। যেতিয়া বেগম মমতাজক তাত সমাধিস্থ কৰা হৈছিল তাজমহলৰ নাম আন কিবা আছিল।
মোগল সম্ৰাট শ্বাহজাহানে বেগম মমতাজক সমাধিস্থ কৰাৰ সময়ত ভৱনটোৰ নাম 'ৰোজা-ই-মুনাভভাৰা' (Roza-e-Munavvara) হিচাপে নামাকৰণ কৰিছিল।
অৱশ্যে, পিছত ইয়াক তাজমহল নামেৰে নামাকৰণ কৰা হয়। তাজমহলৰ সৌন্দৰ্যৰ বিষয়ে বিশ্বজুৰি আলোচনা কৰা হয়।
তাজমহলৰ নিৰ্মাণকাৰ্য ১৬৩২ চনত আৰম্ভ হৈছিল আৰু ই ১৬৪৮ চনত সম্পূৰ্ণ হৈছিল। ওস্তাদ আহমেদ লাহোৰীয়ে তাজমহলৰ ডিজাইনকৰিছিল।
পঢ়িবলৈ ক্লিক কৰক