TV9 ASSAM
Images credit: Getty
জীৱনত সমস্যা অহা সাধাৰণ কথা। প্ৰতিদিনেই আমাৰ লগত সৰু-ডাঙৰ কিছুমান ঘটনা হয়। কিন্তু কেতিয়াবা ই কোনো সংকেত হব পাৰে। ভাৰতীয় পৰম্পৰা অনুসৰি, এনে ঘটনা অশুভ হয়।
আমাৰ পূৰ্বজসকলে কিছুমান সংকেতৰ বিষয়ে কৈ গৈছে, যি অশুভ বুলি গণ্য কৰা হয়। এই সংকেতে আমাক জনাই যে কিবা বেয়া হ'বলৈ গৈ আছে। ই শাৰীৰিক বা মানসিক হ'ব পাৰে। গতিকে পৰম্পৰাভিত্তিত তথ্য ইয়াত সন্নিবিষ্ট কৰা হ'ল।
যদি সন্ধিয়াৰ সময়ত কুকুৰে পূব দিশৰ ফালে মুখ কৰি কান্দে তেন্তে ইয়াক অত্যন্ত অশুভ সংকেত বুলি গণ্য কৰা হয়। মান্যতা অনুসৰি এয়া কোনো ডাঙৰ বিপদৰ সংকেত হ'ব পাৰে।
পুৰুষৰ বাওঁ চকু আৰু মহিলাৰ সোঁ চকু লৰা অশুভ সংকেত বুলি কোৱা হয়। ই কোনো বিপৰীত স্থিতি. বাধা, বা বেয়া খবৰ লাভ কৰাৰ সংকেত বুলি কোৱা হয়।
যদি হঠতে চকী, টেবুল বা বিচনা আদি ভাঙে তেন্তে ই পাৰিবাৰিক সংকট, স্বাস্থ্যৰ সমস্যা, সম্পৰ্কীয়ৰ সৈতে মতানৈক্যৰ সংকেত বুলি কয়।
যদি আপোনাৰ গহণা, বিশেষকৈ সোণ-ৰূপ হঠাতে হেৰাই যায় তেন্তে ই অশুভ সংকেত হ'ব পাৰে। ই দুৰ্ঘটনা বা কোনো বিপদৰ সংকেত হ'ব পাৰে। গতিকে এইবোৰ দিশত সাৱধান হোৱা ভাল
ওপৰোক্ত কথাখিনি পৰম্পৰাগত বিশ্বাস তথা মান্যতাৰ ভিত্তিত লিখা হৈছে। ইয়াৰ কোনো বিজ্ঞানসন্মত ভিত্তি নাই।
পঢ়িবলৈ ক্লিক কৰক