TV9 ASSAM
সন্তানক স্কুলত টিফিন কি দিব, এই লৈ পুৱাৰ ভাগত অধিকাংশ মাতৃয়ে চিন্তা কৰিব লগা হয়। এইক্ষেত্ৰত সোৱাদৰ লগতে স্বাস্থ্যকৰ দিশৰ প্ৰতিও লক্ষ্য কৰিব লগা হয়।
বহু বিদ্যালয়ত শিশুক টিফিন দিয়াৰ ক্ষেত্ৰত বাধা আছে। ভাৰতৰ তেনে এখন সুপৰিচিত বিদ্যালয় হ’ল মুম্বাইৰ ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়।
শ্বাহৰুখ খান, ঐশ্বৰ্য ৰায় বচ্চন, কৰীনা কাপুৰৰ দৰে চেলিব্ৰিটিৰ সন্তানেও এই বিদ্যালয়ত পঢ়ে। বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত বহুবাৰ একেলগে দেখা গৈছে তেওঁলোকক।
এই বিদ্যালয়খনত পিছে ঘৰৰ পৰা কোনো ছাত্ৰকে টিফিন দিয়া নহয়। পুৱাৰ জলপান আৰু দুপৰীয়াৰ আহাৰ বিদ্যালয়খনে নিজেই যোগান ধৰে।
বিশেষজ্ঞ পুষ্টিবিদসকলে বিদ্যালয়খনত সুষম, পুষ্টিকৰ মেনু প্ৰস্তুত কৰে। শাৰীৰিক আৰু মানসিক বিকাশত সহায়ক হোৱাকৈ খাদ্যৰ পুষ্টিৰ প্ৰতি গুৰুত্ব দিয়া হয়।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বিদ্যালয়ৰ কেন্টিনৰ খাদ্য মেনু সযতনে প্ৰস্তুত কৰিছে প্ৰখ্যাত চেলিব্ৰিটি চেফ সঞ্জীৱ কাপুৰে।
ইয়াত পৰিবেশন কৰা খাদ্য সম্পূৰ্ণ নিৰামিষ। খবৰ অনুসৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দাইল, শাক-পাচলি, ৰুটি আদি সাধাৰণ আহাৰ গ্ৰহণ কৰে।
খবৰ অনুসৰি বিদ্যালয়খনে পুৱাৰ জলপানৰ বাবে দক্ষিণ ভাৰতীয় খাদ্য, প’হা, ফলমূল আৰু শুকান ফল-মূল আৰু দুপৰীয়া সাধাৰণ আহাৰ পৰিবেশন কৰে।
পঢ়িবলৈ ক্লিক কৰক
ব্ৰেকফাষ্টত কণীৰ লগত কল খালে কি হয় ?