TV9 ASSAM
দিনটো আমাৰ কিদৰে পাৰ হ’ব, সেয়া বহুলাংশে পুৱাৰ ওপৰত নিৰ্ভৰ কৰে বুলি জ্যেষ্ঠজনে কয়। এই ক্ষেত্ৰত জ্যোতিষৰ বিধানো চাবলগীয়া।
জ্যোতিষ মতে পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পিছত কিছুমান বস্তু দেখাটো অশুভ হিচাপে গণ্য কৰা হয়। ইয়াৰ ফলত দিনটোলৈ দুৰ্ভাগ্যৰ আগমন ঘটিব পাৰে।
বহুলোকে পুৱা বিচনাৰ পৰা উঠিয়েই আইনাৰ সমুখত ৰৈ নিজকে চায়। শাস্ত্ৰত এই অভ্যাস অতি বেয়া বুলি কোৱা হৈছে। ইয়াৰ ফলত দুৰ্ভাগ্যই আগুৰি ধৰে।
কোনো লোকেই নিজৰ ঘৰত ভঙা মূৰ্তি ৰখা উচিত নহয়। শাস্ত্ৰ মতে পুৱা টোপনিৰ পৰা সাৰ পাই উঠি ভঙা মূৰ্তি দেখাটো কেতিয়াও ভাল নহয়।
সাৰ পোৱাৰ পিছত আন কাৰোবাৰ ছাঁ দেখাটো অত্যন্ত অশুভ হিচাপে গণ্য কৰা হয়। ইয়াৰ ফলত দুৰ্ভাগ্যৰ সৃষ্টি হয় বুলি বিশ্বাস প্ৰচলিত।
বহুলোকে নিশা খোৱা বাচন-বৰ্তন ৰাতিপুৱা ধুবলৈ ৰাখে, ফলত দেৱী লক্ষ্মী অসন্তুষ্ট হয়। পুৱা সাৰ পাই লেতেৰা বাচন দেখিলে জীৱনত আৰ্থিক সমস্যা হ’ব পাৰে।
এই প্ৰতিবেদনত উল্লেখ কৰা তথ্যসমূহ হিন্দু শাস্ত্ৰ তথা ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam-এ নিজা কোনো মত প্ৰকাশ কৰা নাই।
পঢ়িবলৈ ক্লিক কৰক
শোৱাৰ সময়ত গাৰুৰ ওচৰত নাৰাখিব এনে বস্তু