TV9 ASSAM
বুধবাৰে ক্ৰিকেট বিশ্বক হচকিত কৰিআন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ভাৰতৰ তাৰকা অফ স্পিনাৰ আৰ অশ্বিনে।
আজি অষ্ট্ৰেলিয়াৰ পৰা স্বগৃহত উপস্থিত হোৱাৰ পিছতে অশ্বিনক চেন্নাইত উষ্ম আদৰণি জনোৱা হয়।
পুত্ৰৰ অৱসৰৰ পিছত অশ্বিনৰ মাতৃক যথেষ্ট আৱেগিক দেখা যায়। অশ্বিনৰ পিতৃ ৰবিচন্দ্ৰনো যথেষ্ট হতাশ হৈ পৰে।
অশ্বিনে অৱসৰ লোৱাৰ পিছতে নিজ কন্যাই তেওঁক এক মৰমলগা উপহাৰ দিয়ে। পিতৃৰ বাবে কন্যাই প্ৰস্তুত কৰে এখন মৰমলগা পোষ্টাৰ।
পোষ্টাৰখনত লিখিছে, “ধন্যবাদ এছ আন্না, সকলো আপোনাৰ লগত আছে।” অশ্বিনে নিজ কন্যাৰ এই ফটোখন টুইটাৰত পোষ্ট কৰে।
অশ্বিনৰ অৱসৰৰ পিছৰে পৰা ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। বাতৰি অনুসৰি অশ্বিনৰ হঠাৎ অৱসৰৰ আঁৰত আন কাৰণ আছে।
আনকি অশ্বিনৰ পিতৃ ৰবিচন্দ্ৰনে তেওঁৰ পুত্ৰক অপমান কৰি অহাৰ বাবেই হঠাতে অৱসৰ লৈছে বুলিও দাবী কৰিছে।
পঢ়িবলৈ ক্লিক কৰক
ঠাণ্ডাৰ দিনত মুখত ঘিউ লগালে কি হয়?