১০ অক্টোবৰ ২০২৪
TV9 ASSAM
ৰতন টাটাক পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। তেওঁ টাটা গ্ৰুপক নতুন উচ্চতালৈ লৈ গৈছে। ৰতন টাটা তেওঁৰ সৰল স্বভাৱৰ বাবে জনাজাত আছিল।
এজন ভাল ব্যৱসায়ী হোৱাৰ উপৰিও, ৰতন টাটা তেওঁৰ ফিটনেছ ৰুটিন আৰু ডায়েটক লৈ যথেষ্ট সচেতন আছিল
ৰতন টাটাই ব্যায়াম আৰু স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰিছিল। আপুনি এই অভ্যাসবোৰ অনুসৰণ কৰি আপোনাৰ ৰুটিন পৰিচালনা কৰিব পাৰে।
ৰতন টাটাৰ ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস আছিল। আপুনি জানি আচৰিত হ'ব যে টাটা গ্ৰুপৰ বহুতো মিটিং ৰাতিপুৱা ৬ বজাত আৰম্ভ হৈছিল।
ৰতন টাটাই ৰাতিপুৱা সোনকালে উঠি যোগাসনৰ লগতে খোজ কাঢ়িছিল। তেওঁ ৰাতিপুৱা সূৰ্য নমস্কাৰ আসনো কৰিছিল।
ৰাতিপুৱা খোজ কঢ়াৰ পাছত, ৰতন টাটাই কমেও ৩০ মিনিট ধ্যান কৰি মনশান্ত কৰিছিল।
হাঁওফাঁও সুস্থ কৰি ৰাখিবলৈ, ৰতন টাটাই নিয়মীয়াকৈ শ্বাস-প্ৰশ্বাসৰ ব্যায়াম কৰিছিল। তেওঁ শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ লাইট ষ্ট্ৰেচিং ( stretching) কৰিছিল।