3 Sept 2025
TV9 ASSAM
কিছুমানৰ সামান্য বিষ হ'লেই পেইন কিলাৰ বা বিষৰ টেবলেট খোৱাৰ অভ্যাস আছে। চিকিৎসকৰ অনুমতি অবিহনে বহুতে বিষৰ টেবলেট খায়।
ভাৰতত বহু সংখ্যক লোকে বিষৰ টেবলেট খায়। শৰীৰৰ বিষৰ পৰা সকাহ পাবলৈ এই ঔষধ খোৱা হয় যদিও বেছিকৈ বা চিকিৎসকৰ অনুমতি অবিহনে এয়া খাব নালাগে।
ব্ৰিটিছ জাৰ্ণেল অফ ক্লিনিকেল ফাৰ্মাকোলোজীৰ অধ্যয়ন মতে, পেইন কিলাৰ বা বিষৰ টেবলেট শৰীৰৰ বাবে ক্ষতিকাৰত। ইয়াৰ ফলত যকৃতৰ সমস্যা হ'ব পাৰে।
অধ্যয়নত কোৱা হৈছে যে, চিকিৎসকৰ অনুমতি অবিহনে কেতিয়াও বিষৰ দৰৱ খাব নালাগে। ইয়াৰ ফলত যকৃতত সমস্যা হ'লে কিছুমান লক্ষণে দেখা দিয়ে।
যকৃতত সমস্যাৰ লক্ষণ- পেটত অনবৰতে বিষ ,বাৰে বাৰে বমি, ভোক কম, দুৰ্বল, ভাগৰুৱা, জণ্ডিছ,বিভ্ৰান্তি, পেট-ভৰি ফুলা, শৌচ-প্ৰস্ৰাৱৰ ৰং সলনি আদি।
বিশেষজ্ঞৰ মতে, যদি চিকিৎসকৰ অনুমতি অবিহনে এজন ব্যক্তিয়ে ৫-৬ বছৰ বিষৰ দৰৱ খাই তেন্তে লিভাৰ ছিৰোচিচ হোৱাৰ আশংকা বৃদ্ধি পায়।
গৱেষণাত কোৱা হৈছে যে, নিজেই ঔষধ খোৱাতকৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ খাব লাগে। অন্যথা ই আপোনাৰ বাবে বিপদজনক হ'ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক