10 Aug 2025
TV9 ASSAM
Photos Credit: Getty Images
বৰ্তমান সময়ত প্ৰতিটো চৰকাৰী-বেচৰকাৰী কামত আধাৰ কাৰ্ডৰ প্ৰয়োজন। জীৱনৰ অংশ হৈ পৰিছে আধাৰ কাৰ্ড।
জন্মৰ পৰা মৃত্যুলৈকে সকলো কামতে আধাৰ কাৰ্ড লাগে। ভাৰতত আধাৰ কাৰ্ড মূল পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।
নতুন আধাৰ কাৰ্ড তৈয়াৰ কৰিবলৈ কি কি নথি-পত্ৰ আৰু তথ্যৰ প্ৰয়োজন হয় জানেনে? UIDAI ৰ নিদিষ্ট আধাৰ সেৱাৰ কেন্দ্ৰৰ পৰা আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।
কেৱল ভাৰতীয় নাগৰিকেহে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিবলৈ পৰিচয়, ঠিকনা, জন্ম তাৰিখৰ প্ৰমাণ দিব লাগিব।
ইয়াৰ লগতে পৰিচয়ৰ প্ৰমাণ হিচাপে ভোটাৰ কাৰ্ড বা পান কাৰ্ড বা চৰকাৰে প্ৰদান কৰা যিকোনো আইডিৰ প্ৰয়োজন হ'ব।
ঠিকনাৰ প্ৰমাণৰ বাবে পাছপ'ৰ্ট, বেংক একাউণ্টৰ ষ্টেটমেণ্ট, বিদ্যুতৰ বিল বা এনে কোনো নথি-পত্ৰৰ প্ৰয়োজন।
জন্ম তাৰিখৰ প্ৰমাণৰ বাবে জন্মৰ প্ৰমাণ পত্ৰ, মাধ্যমিক বা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মাৰ্কশ্বীট, পাছপ'ৰ্ট বা পান কাৰ্ডৰ প্ৰয়োজন হ'ব।
পঢ়িবলৈ ক্লিক কৰক