নিম পাতৰ লগত হালধী খালে কি হয় জানেনে?

31 OCT, 2024 

TV9 ASSAM

হালধীৰ বহু গুণ আছে। কেঁচা হালধীয়ে বহু ৰোধ প্ৰতিৰোধ কৰে। হালধীত এন্টিঅক্সিডেন্ট আৰু এন্টি ইম্ফলেমেটৰি গুণ থকা বাবে ই ছালৰ বাবেও অতি উপকাৰী।

হালধী

নিম পাতত বহু প্ৰকাৰৰ ভিটামিন, মিনাৰেল, এন্টি ভাইৰেল আৰু এন্টি ফাংগাল গুণ থাকে। যাৰ বাবে ই শৰীৰৰ বাবে অতি উপকাৰী। বহু ঔষধত নিম পাত ব্যৱহাৰ হয়।

নিম পাত

ঔষধযুক্ত গুণেৰে ভৰপুৰ নিম আৰু হালধী প্ৰতিদিৱে খালে শৰীৰত বিভিন্ন ধৰণৰ উপকাৰ হয়। আহত জানো ই শৰীৰত কি কি ভাল প্ৰভাৱ পেলায়

হালধী আৰু নিম

আয়ুৰ্বেদিক বিশেষজ্ঞ কিৰণ গুপ্তাই কয় যে প্ৰতিদিনে কেঁচা নিম বা হালধীৰ লগত নিম পাত মিহলাই খালে শৰীৰত হোৱা বিভিন্ন ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। ই ছালৰ বাবেও উপকাৰী।

কি কয় বিশেষজ্ঞই

মধুমেহ বা ডায়বেটিছ কন্ট্ৰল কৰি ৰখাত হালধী আৰু নিম পাতে সহায় কৰে। ডায়বেটিছ ৰোগীৰ অন্য বিভিন্ন ৰোগ হোৱাৰ আশংকা থাকে। গতিকে হালধী -নিম খালে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।

মধুমেহ

প্ৰতিদিনে নিম পাত আৰু হালধী খালে ইমিউনিটি চিষ্টেম ভাল হোৱাত সহায় হয়। ই শৰীৰত বিভিন্ন বেমাৰৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে  ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ইমিউনিটি

যিসকল লোকৰ এচিডিটিৰ সমস্যা থাকে বা হালধী -নিম খোৱাৰ পাছত যাৰ সমস্যাই দেখা দিয়ে সেইসকলে এয়া খাব নালাগে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ সহায় গ্ৰহণ কৰিব পাৰে।

কোনে খাব নালাগে

পঢ়িবলৈ ক্লিক কৰক

অভিষেকে কিয় ক'লে বিয়াৰ কথা