নিম পাতৰ আছে ৬ টা বিশেষ উপকাৰিতা

December 17, 2025

TV9 ASSAM

নিম পাতৰ বহু উপকাৰিতাৰ বিষয়ে নতুনকৈ কোৱা প্ৰয়োজন নাই। খোৱাৰ উপৰিও নিম পাত দৈনন্দিন জীৱনত বহু দিশত ব্যৱহাৰ কৰিব পাৰি।

ব্যৱহাৰ

নিমৰ পাত থেতেলিয়াই বা শুকুৱাই গুড়ি কৰি ফেচ পেক বনাব পাৰি। ব্ৰণ, ফোঁহা আৰু অন্যান্য ছালৰ সমস্যা কমোৱাত ই সহায় কৰিব পাৰে।

ছালৰ যত্ন

নিমৰ পাত পানীত সিজাই ঠাণ্ডা কৰি সেই পানী চুলি ধুবলৈ ব্যৱহাৰ কৰা হয়। উফি আঁতৰোৱা, মূৰৰ ছাল পৰিষ্কাৰ কৰি ৰখা, আনকি ওকণিৰ সমস্যাও দূৰ কৰাত ই ফলপ্ৰসূ।

চুলিৰ যত্ন

নিম পাতৰ ৰস প্ৰাকৃতিক কীটনাশক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। শুকান নিমৰ পাত ঘৰৰ চুকত ৰাখিলে পোক-পৰুৱাবোৰ আঁতৰত থাকে।

কীটনাশক

কটা বা সৰু সৰু ঘাঁত নিমৰ পাত লগালে সোনকালে শুকাই যায়। ইয়াৰ উপৰিও সংক্ৰমণ ৰোধ কৰে।

সংক্ৰমণ ৰোধ

দাঁত ব্ৰাছ কৰাৰ বাবে নিম পাত ব্যৱহাৰ কৰিব পাৰি। ই আলুৰ প্ৰদাহ কমোৱাত সহায় কৰে, মুখৰ বেক্টেৰিয়া নাইকিয়া কৰে।

দাঁত আৰু আলুৰ যত্ন

ঘৰুৱা ঔষধ হিচাপে ডিঙিৰ বিষ বা কাহ হ’লে নিম পাতৰ ৰস অলপ গৰম পানী বা মৌৰ লগত মিহলাই খাব পাৰে। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত এই কাম কৰিব লাগে।

ডিঙিৰ বিষ বা কাহ

পঢ়িবলৈ ক্লিক কৰক

কিডনী সংক্ৰমণৰ ৫ টা গুৰুতৰ লক্ষণ