TV9 ASSAM
ভাৰতীয় ক্ৰিকেট জগতৰ অন্যতম জনপ্ৰিয় নাম এম এছ ধোনী। ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়াও অতি জনপ্ৰিয় ধোনী ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এৰিলেও আজিও জনপ্ৰিয়তা হ্ৰাস পোৱা নাই ধোনীৰ। হ্ৰাস পোৱাতকৈ আৰু অধিক বৃদ্ধি পাইছে ধোনীৰ জনপ্ৰিয়তা।
৪৩ বছৰ সম্পূৰ্ণ কৰা ধোনী ভাৰতৰ সফল অধিনায়ক হিচাপে পৰিগণিত হৈছিল আৰু এতিয়া তেওঁ ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ জগতখনত আগৰণুৱা হৈছে।
ধোনীয়ে ব্ৰেণ্ড চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত বলীউডৰ তাৰকা শ্বাহৰুখ খান আৰু অমিতাভ বচ্চনকো অতিক্ৰম কৰিছে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেপ্তেইন কুল নামেৰে পৰিচিত ধোনীয়ে ২০২৪ চনৰ প্ৰথম ছমাহত ৪২টা ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ হৈছে।
বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনে চলিত বৰ্ষৰ প্ৰথম ছমাহত ৪১ টা ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ হৈছে।
একে সময়তে শ্বাহৰুখ খানে এই সময়ছোৱাত ৩৪ টা চুক্তি স্বাক্ষৰ কৰিছে। অৰ্থাৎ দুয়োজন বলিউড তাৰকাকে অতিক্ৰম কৰিছে এম এছ ধোনীয়ে ।
পঢ়িবলৈ ক্লিক কৰক