TV9 ASSAM
যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত অভেল টেষ্টত ভাৰতীয় বলিং আক্ৰমণক সঠিক নেতৃত্ব প্ৰদান কৰি প্ৰথম ইনিংছত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়ায় মহম্মদ চিৰাজে।
দৰ্শনীয় বলিঙেৰে চিৰাজে ইংলেণ্ডৰ প্ৰথম ইনিংছত ৮৬ ৰানত ৪টা উইকেট দখল কৰে। ইয়াৰ লগে লগে তেওঁ অৰ্জন কৰে এক অনন্য কৃতিত্ব।
অভেলত দুটা উইকেট দখল কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০ উইকেট সম্পূৰ্ণ কৰে চিৰাজে।
নিজ কেৰিয়াৰত চিৰাজে এইপৰ্যন্ত টেষ্টত ১১৮টা উইকেট, এদিনীয়াত ৭১টা আৰু টি-২০ত ১৪টা উইকেট দখল কৰিছে।
চিৰাজে লগতে অভেল টেষ্টৰ সময়তে ৫ খনকৈ টেষ্ট মেচৰ ৩টা বিদেশী টেষ্ট শৃংখলা খেলাৰ কৃতিত্ব অৰ্জন কৰি বিনূ মানকাদ আৰু কপিল দেৱক স্পৰ্শ কৰে।
উল্লেখ্য যে চিৰাজে ২০১৭ চনত টি-২০ৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। আনহাতে ২০১৯ত এদিনীয়া আৰু ২০২০ চনত তেওঁৰ টেষ্টত অভিষেক ঘটে।
পঢ়িবলৈ ক্লিক কৰক
সৰ্বাধিক বাঘ থকা বিশ্বৰ ১০ খন দেশ