যকৃত বিকল হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? 

21 April 2025

TV9 ASSAM

যকৃত বিকল হ'লে বিভিন্ন লক্ষণে দেখা দিয়ে। এনে সময়ত ৰোগীয়ে বহু সমস্যাৰ সন্মুখীন হয়। যকৃত বিকল হোৱা ৰোগীৰ দেহ কিছুদিনৰ ভিতৰতে দুৰ্বল হৈ পৰে।

যকৃত বিকল

যকৃত বিকল হোৱা ৰোগীসকলে প্ৰায়ে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে। কোনো কাৰণ নোহোৱাকৈ ভাগৰু আৰু দুৰ্বল লাগিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

ভাগৰুৱা

যকৃত বিকল হোৱা ৰোগীৰ চকু আৰু ছাল কিছু হালধীয়া পৰে। যকৃত বিকল হোৱাৰ ই এক অতি সাধাৰণ লক্ষণ।

হালধীয়া

যকৃত বিকল হোৱা ৰোগীৰ পেটৰ ওপৰৰ অংশৰ সোঁফালে বিষ হয়। কিবা বস্তুৱে ভিতৰত টানি ধৰাৰ দৰে লাগে। এই বিষ কেতিয়াবা অতি তীব্ৰ হয়।

পেট বিষ

পেটত তৰল পদাৰ্থ জমা হোৱাৰ ফলত পেট ফুলিব পাৰে। ইয়াৰ বাবে এচিডিটিৰ সমস্যা বৃদ্ধি হয়। বিভিন্ন সময়ত ৰোগীয়ে পেট ফুলা অনুভৱ কৰি থাকে।

পেট ফুলা

যকৃত বিকল হোৱা ৰোগীৰ বমি আহিব পাৰে। যকৃত বিকল হোৱাৰ পাছত বমি হোৱা সাধাৰণ কথা।  ইয়াৰোপৰি শৰীৰত এক অশান্তিৰ ভাৱ অনুভৱ হ'ব পাৰে।

বমি

যকৃত বিকল হোৱা ৰোগীৰ ভোকৰ সমস্যাৰ সৃষ্টি হয়। ভোক নলগা লগতে ৰোগীৰ খাবলৈ ইচ্ছা নোযোৱা হয়।

ভোক নলগা

পঢ়িবলৈ ক্লিক কৰক 

হাৰ্ট এটেকৰ পৰা ৰক্ষা পোৱাৰ উপায়