TV9 ASSAM
লিভাৰৰ ৰোগ আগতীয়াকৈ বুজি পোৱা নাযায়। বহুতে ভাবে যে, লিভাৰ ৰোগ মানে জণ্ডিচ বা পেটৰ গধুৰ হোৱা বা পেট ফুলাৰ দৰে সমস্যা।
লিভাৰৰ ৰোগৰ কিছু লক্ষণ হাত ভৰিত দেখা দিয়ে। সেই সকলোবোৰ লক্ষণ চাই বুজিব পাৰি যে, লিভাৰ দুৰ্বল হ'বলৈ আৰম্ভ কৰিছে।
খজুৱতি নাথাকিলেও দুয়োখন হাতৰ তলুৱাত ৰঙা দাগ দেখা পাব পাৰে। হাতৰ তলুৱা ফুলি উঠিব আৰু ৰঙা দাগবোৰ অধিক বিয়পি পৰিব পাৰে।
নখৰ ৰং চাই শৰীৰৰ অৱস্থাও বুজিব পাৰি। যদি নখৰ ৰং বগা বা অতি শেঁতা পৰে, তেন্তে বুজিব লাগে যে লিভাৰৰ সমস্যা আৰম্ভ হৈছে। ইয়াৰ লগতে শৰীৰত আইৰণৰ মাত্ৰাও কমিব পাৰে।
ভৰিৰ খজুৱতি, ভৰিৰ গোৰোহা ফুলা, তলুৱা আৰু গোৰোহাত ক’লা দাগ থাকিলে বুজিব লাগে যে, লিভাৰৰ সমস্যা হৈছে।
এনে ক্ষেত্ৰত ওজন কমি যোৱা, ভোক কমি যোৱা, অত্যধিক ভাগৰুৱা হোৱা আদি লক্ষণো দেখা দিয়ে।
কেতিয়াবা হাত-ভৰি বিষ আৰু জঠৰ হোৱাৰ দৰে সমস্যাও হ’ব পাৰে। ভৰিৰ শিৰা, ভৰিৰ জঠৰ হোৱা যকৃতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। এলকহলিক ফেটি লিভাৰৰ ক্ষেত্ৰত এনে লক্ষণ দেখা দিয়ে।
পঢ়িবলৈ ক্লিক কৰক