TV9 ASSAM
সমাজৰ প্ৰায় প্ৰতিটো বয়সৰ শ্ৰেণীৰ লোকৰে প্ৰিয় এই ফলবিধ। অৱশ্যে বহুতৰ বাবে প্ৰিয় জলফাই টেঙাৰ আচাৰ।
কিন্তু আপুনি এই ফলবিধৰ ঔষধি গুণৰ বিষয়ে জানেনে? ঔষধি গুণেৰে ভৰপুৰ এই জলফাই টেঙা।
জলফাই অথবা জলফাইৰ তেল ব্যৱহাৰ কৰিলে দেহত থকা হাড়ৰ খনিজ ঘনত্ব বৃদ্ধি হয় আৰু ইয়াৰ ফলত হাড় অধিক শক্তিশালী হয়।
জলফাইত অলিক এচিড আৰু ভিটামিন E যথেষ্ট মাত্ৰাত উপলব্ধ থাকে। ই ছাল সতেজ আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে।
জলফাইত থকা যৌগই দেহৰ বাবে উপকাৰী বেক্টেৰিয়াৰ বিকাশত সহায় কৰে।
জলফাইত থকা উপাদানবোৰে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে, সেয়েহে ডায়েবেটিচ ৰোগীৰ বাবে ই অতি ফলদায়ক।
জলফাই নিয়মিত সেৱন কৰিলে হাড়ৰ খনিজ ঘনত্ব বৃদ্ধি হয় আৰু হাড় শক্তিশালী কৰাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক
টোপনিতো কঁপি উঠে পাকিস্তানৰ সেনাপ্ৰধান